০৪ ফেব্ৰুৱাৰী,২০২২, শুকুৰবাৰ
মেষ ৰাশি: কৰ্মত সফল হʼব৷ জীৱনৰ বাধা-বিঘিনি আঁতৰ হʼব৷ প্ৰেমে আনন্দিত কৰিব৷ প্ৰশংসা লাভ।
বৃষ ৰাশি: ভাল বন্ধুৰ সংগ লাভ৷ নতুন যোগাযোগ হʼব৷ সকলো অশান্তিৰ কাৰণ দূৰ হʼব৷ মৰম পাব।
মিথুন ৰাশি: সকলোৰে লগত মিলি-জুলি চলক। কামত ধৈৰ্য ধৰক৷ আৰ্থিক ব্যয় হোৱাৰ সম্ভাৱনা৷ ঘৰলৈ আলহী আহিব।
কৰ্কট ৰাশি: বেলেগৰ কথাত সময় নষ্ট নকৰিব। স্বাস্থ্যত মনোযোগ দিয়ক। বাহিৰৰ বস্তু নাখাব। ঘৰুৱা শান্তি বৃদ্ধি।
সিংহ ৰাশি: খং-ৰাগ নকৰিব। পৰচৰ্চা নকৰিব, বিপদত পৰিব পাৰে৷ সকলোৰে লগত ভাল সম্পৰ্ক বজাই ৰাখক।
কন্যা ৰাশি: কৰ্মজীৱনত আনন্দ৷ মনৰ মিল থকা মানুহৰ সৈতে সংযোগ। প্ৰেমত শুভ৷ মানসিক আৰু শাৰীৰিক চিন্তা আঁতৰ হʼব।
তুলা ৰাশি: শুভ দিন৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব৷ ব্যক্তিগত জীৱন সুখৰ হ’ব৷ প্ৰেমিক-প্ৰেমিকাৰ শুভ।
বৃশ্চিক ৰাশি: কঠোৰ পৰিশ্ৰম কৰক৷ মনৰ পচন্দৰ খাদ্য কোনোবাই আজি ৰান্ধি খুৱাব৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷
ধনু ৰাশি: অধিক পৰিশ্ৰমে ভাগৰুৱা কৰিব৷ মনৰ অশান্তি দূৰ হʼব৷ প্ৰেমত শুভ৷ মনক নিয়ন্ত্ৰণ কৰক।
মকৰ ৰাশি: নিজৰ ওপৰত বিশ্বাস ৰাখক৷ কাৰোবাৰ কথাত ভীষণ খং উঠিব, ধৈৰ্য ৰাখক৷ আপোনাক লৈ আনে গৌৰৱ কৰিব৷
কুম্ভ ৰাশি: নানা কামৰ মাজতো মনত আনন্দ থাকিব৷ বিবাহৰ উপযোগ্যসকলৰ ভাল খবৰ অহাৰ সম্ভাৱনা৷ ঘৰৰ মানুহৰ মাজত আনন্দ বৃদ্ধি৷
মীন ৰাশি: আৱেগিক চিন্তা পৰিহাৰ কৰক৷ পৰিয়ালত শান্তি বজাই ৰাখিবলৈ যত্ন কৰক৷ খং-ৰাগ কাকো নকৰিব৷ কিবা এটা কাম কৰাৰ আগতে আনৰ পৰা পৰামৰ্শ লৈহে আগবাঢ়ক।
Leave A Comment