ডিজিটেল ডেস্ক :
বৰ্তমান সময়ত বহু পুৰুষ-মহিলাই শৰীৰত ইউৰিক এচিড বৃদ্ধিৰ ফলত সন্মুখীন বিভিন্ন ৰোগৰ৷ বিশেষকৈ ইউৰিক এচিড বৃদ্ধি পালে গাঁঠিৰ বিষ হয়, গাঁঠি ফুলি আহে লগতে উঠা-বহাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। ইউৰিক এচিড এক ধৰণৰ পদাৰ্থ, যি পিউৰিন নামৰ প্র'টিন ভাঙি উৎপন্ন হয়। ইউৰিক এচিড কিডনিৰ দ্বাৰা পৰিশোধিত হৈ প্রস্রাৱৰ পথেৰে বাহিৰ ওলাই যায়। কিন্তু ৰক্তত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পালে কিডনিয়েও ইয়াক নির্গত কৰিব নোৱাৰে।
অস্বাস্থ্যকৰ জীৱন-যাপন আৰু খাদ্যাভ্যাসৰ কাৰণে
ইউৰিক এচিডৰ সমস্যাত ভোগ বহু লোকে। বিশ্বৰ প্রায় চাৰে ৪ কোটি মানুহে এই সমস্যাত ভুগি থকাৰ লগতে প্রায় ১৫ লাখ মানুহে ইউৰিক এচিডৰ ফলত হোৱা গাঁঠিৰ বিষত শয্যাশায়ী হৈ দিন কটাইছে। ইউৰিক এচিডৰ সমস্যা বৃদ্ধি পালে হার্ট এটেক, মাল্টিপল অৰ্গেন ফেইলিঅৰ, কিডনী ফেইলিঅৰৰ আশংকা বাঢ়ি যায়। চিকিৎসা আৰু ঔষধৰ উপৰি উচ্চ ইউৰিক এচিডৰ ৰোগীসকলে নিজৰ খোৱা-লোৱাৰ বিশেষ যত্ন লোৱা উচিত।
ইউৰিক এচিডত ভুগি থকা লোকসকলে এই খাদ্যসমূহ খোৱাৰ পৰা বিৰত থাকক :
দাইল আৰু বিন :
এই ৰোগীসকলে কেইবাবিধো দাইল আৰু বিন নাখাব। দেশীয় বুট, কুলথী বা হৰ্ছ গ্রাম, ৰাজমাহ, কাবুলি ইত্যাদি নিজৰ খাদ্য তালিকাৰ পৰা বাদ দিয়ক। এই খাদ্যবোৰে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি কৰে।
পিউৰিন সমৃদ্ধ খাদ্য:
ইউৰিক এচিডৰ ৰোগীসকলে পিউৰিনযুক্ত খাদ্য এৰাই চলা উচিত। কাৰণ এই পিউৰিন ভাঙিয়েই শৰীৰত ইউৰিক এচিড সৃষ্টি হয়। এনে পৰিস্থিতিত মাছ, মাংস নাখাব। ইয়াৰ উপৰি, দৈ, ভিনেগাৰ, মদ্যপানো এৰাই চলক। উল্লেখ্য, দৈত থকা ট্রান্স ফেটে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি কৰে।
মিঠা খাদ্য আৰু ড্রিংকছ :
মিঠা খাদ্য আৰু ড্রিংছত থকা ফ্রুক্টোজে পিউৰিনৰ মেটাবলিজম বৃদ্ধি কৰে। মিঠা খাদ্যই ওজন বৃদ্ধি কৰে, যাৰ ফলত ৰক্তত শর্কৰাৰ পৰিমাণ বৃদ্ধি পায়। সেয়ে উচ্চ ইউৰিক এচিডৰ ৰোগীসকলে মিঠাই ত্যাগ কৰা উচিত।
Leave A Comment