ডিজিটেল ডেস্ক:
গাখীৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী-এই কথা হয়তো কোৱাৰ প্ৰয়োজন নাই৷ কিন্তু গাখীৰ যদি আপুনি প্ৰসাধন হিচাপে ব্যৱহাৰ কৰে, তেন্তে আপুনি ইয়াৰ উপকাৰিতাৰ বিষয়ে জানিলে অবাক হ’ব৷ দাগ নোহোৱাকৈ মসৃণ মুখৰ বাবে প্ৰসাধন সামগ্ৰী ক্ৰয় কৰিও আপোনাৰ সমস্যাৰ অন্ত পৰা নাই! কিন্তু আজি দিম সহজে উপায়। কেঁচা গাখীৰে দূৰ কৰে ছালৰ সমস্যা। এণ্টিঅক্সিডেণ্ট, আলফা হাইড্ৰক্সি এচিড, ভিটামিন বি সমৃদ্ধ কেঁচা গাখীৰে আমাৰ ছাল আৰ্দ্ৰ কৰি ৰাখে। ই ভিতৰৰ পৰা পুষ্টি প্ৰদান কৰি ছাল উজ্জ্বল কৰি ৰখাত সহায় কৰে।
কেঁচা গাখীৰ কেনেদৰে ব্যৱহাৰ কৰিব লাগে -
পৰিষ্কাৰ কপাহ কেঁচাগাখীৰত তিয়াই দিয়ক আৰু মুখত লাহেকৈ মালিচ কৰক৷ ইয়াৰ পাছত, ১৫ৰ পৰা ২০ মিনিট মুখতেই শুকাবলৈ দিয়ক গাখীৰখিনি। শুকোৱাৰ পাছত গাখীৰ ফেচপেকটো ঠাণ্ডা পানীৰে ধুই দিয়ক। ফেচপেক শুকাই গ’লে নাহাঁহিব বা বেছি কথা নক’ব। তেতিয়া মুখত সুক্ষ্ম দাগ সৃষ্টি হ’ব পাৰে।
কেঁচাগাখীৰত থকা ভিটামিন ‘এ’ আৰু ‘বি’য়ে এণ্টি-এজিং উপাদান হিচাপে কাম কৰে। মুখত কেঁচা গাখীৰৰ পেকেট এটা লগালে ছালৰ পৰা সকলো দাগ আঁতৰ হয়। চানবাৰ্ণ আঁতৰ কৰাৰ বাবে কেঁচা গাখীৰ যথেষ্ট উপকাৰী। গাখীৰৰ প্ৰদাহ-প্ৰতিৰোধী পৰিমাণে ছাল মসৃণ কৰে। কেঁচাগাখীৰ সংবেদনশীল ছালৰ যত্নৰ বাবেও এক অতি ভাল উপাদান। ই ছালক কোমল কৰি ৰখাত সহায় কৰে।
Leave A Comment