ডিজিটেল ডেস্কঃ
ধুনীয়া ঘৰ এটা বনোৱাৰ সপোন হয়তো সকলোৱে দেখে। সুন্দৰ ডিজাইন, উন্নত প্ৰযুক্তি তথা আধুনিক সকলো ধৰণৰ সুবিধা উপলব্ধ থকা ঘৰ এটা সকলোৰে দৃষ্টি আৰ্কষণ কৰে। কিন্তু যদি কোনোবাই গছৰ বাবে ঘৰৰ নক্সা সলনি কৰে তেন্তে আপুনি কি ক'ব? জবলপুৰৰ কেশৰৱানী পৰিয়ালটোৱে ১২৭ বছৰ পুৰণি এডাল গছ নকটাকৈয়ে পৰিৱেশ অনুকূল ৰাখি শতায়ুগৰকা বৃক্ষৰ ওপৰত নিৰ্মাণ কৰে এটি তিনিমহলীয়া আটকধুনীয়া অট্টালিকা।
গছৰ শিপা তলত আৰু ইয়াৰ ডালবোৰ শীৰ্ষত দেখা যায় অনন্য এটা তিনিমহলীয়া অট্টালিকা। পৰিয়ালটোৱে কোৱা মতে তেওঁলোকে গছজোপা বচাবলৈকে এনে এটা ঘৰ নিৰ্মাণ কৰিছে। এনে এটা অনন্য ঘৰ মধ্যপ্ৰদেশৰ জবলপুৰৰ কাষৰপাংগাৰ
অঞ্চলত অৱস্থিত। এই ঘৰটোক গছৰ ঘৰ বুলি ক’লেও ভুল কোৱা নহ'ব। ইয়াৰ কাৰণ হৈছে ঘৰটোৰ গৰাকীয়ে ১২৭ বছৰ পুৰণি বটগছডাল নকটাকৈয়ে এটা ঘৰ নিৰ্মাণ কৰিছে। এই তিনিমহলীয়া ভৱনটোৰ তলৰ মহলাত গছজোপাৰ শিপা আছে আৰু ওপৰত আছে গছৰ ডালবোৰ। এই বিশাল গছজোপা বচাবলৈ কেশৰৱানী পৰিয়ালটোৱে সকলোকে আকৰ্ষিত কৰিছে আৰু পৰিৱেশ সুৰক্ষাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।
এতিয়া মধ্যপ্ৰদেশৰ কেশৰৱানী পৰিয়ালটোৰ ঘৰত অকল তেওঁলোকৰ সদস্য বাস নকৰে, তেওঁলোকৰ লগত থাকে ১২৭ বছৰ পুৰণি বটগছজোপাও বাস কৰে। সদস্যসকলে ঘৰৰ খিৰিকীৰে বাহিৰৰ দৃশ্য প্ৰত্যক্ষ কৰিব পাৰে, কিন্তু ইয়াত এই গছৰ ডালবোৰ খিৰিকীৰে ওলাই আহে। এই ঘৰটোৰ ভেটি ২৭ বছৰ আগতে স্থাপন কৰা হৈছিল। এই ঘৰটো ডাঃ মতিলাল কেশৰৱানীয়ে তেওঁৰ বন্ধুৰ সৈতে ৰ্মাণ কৰিছিল। তেওঁৰ পুত্ৰৰ মতে মতিলাল কেশৰৱানী এই গছৰ ছাঁত ডাঙৰ-দীঘল হৈছিল আৰু যেতিয়া তেওঁৰ ঘৰ নিৰ্মাণৰ কথা আহিছিল, তেতিয়া তেওঁ এই গছজোপা নকটাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
মাটিৰ মাজত থকা বটগছজোপাৰ বাবে ঘৰটো নিৰ্মাণ কৰাত যথেষ্ট অসুবিধা হৈছিল, কিন্তু তৎস্বত্বেও কেশৰৱানীয়ে গছজোপা কাটিবলৈ অস্বীকাৰ কৰিছিল। অৱশ্যে তেওঁৰ পৰিয়ালৰ সদস্যসকলে পাছত গছৰ চাৰিওফালৰ পৰা ইয়াক কাটি নোলোৱাকৈ এটা ঘৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয়, যিটো সম্পূৰ্ণ কৰিবলৈ তেওঁলোকে এজন অভিযন্তা মাতি গছজোপা নকটাকৈৱে ঘৰটো নক্সা সাজু কৰি উলিয়াইছিল। আশ্চৰ্যজনক কথাটো হ'ল বটগছৰ চাৰিওফালে নিৰ্মাণ কৰা এই ঘৰটো সম্পূৰ্ণৰূপে পৰিৱেশ অনুকূল।
কেশৰৱানী পৰিয়ালৰ এই ঘৰটো সমগ্ৰ চহৰতে বিখ্যাত। এই ঘৰৰ তলত এটা মন্দিৰো আছে, য'ত মানুহে দূৰদূৰণিৰ পৰা উপাসনা কৰিবলৈ আহে। এতিয়া এই বটগছজোপাও ঘৰৰ অংশ হৈ পৰিছে। ঘৰটো নিৰ্মাণ কৰিবলৈ গছৰ কোনো অংশ অলপো ক্ষতি হোৱা নাই। এই কাৰণেই ডাইনিং ৰুমৰ পৰা অনৈ কোঠালৈ আপুনি গছৰ আন অংশবোৰো দেখা যায়।
পৰিৱেশৰ সুৰক্ষাৰ লগতে বটগছৰো আধ্যাত্মিক গুৰুত্ব আছে। বিশ্বাস অনুসৰি বটগছৰ তলত ৩৩ কোটি দেৱতাই বাস কৰে। এই কাৰণেই ঘৰৰ সদস্যসকলেও দৈনিক এই গছজোপাত উপাসনা কৰে। বৈজ্ঞানিকভাৱে বটগছ হৈছে একমাত্ৰ গছ যি দিন আৰু ৰাতি দুয়ো সময়তে অক্সিজেন প্ৰদান কৰে। ঘৰৰ মানুহে কয় যে আমাৰ এই ঘৰটোৰ সৈতে আমি মানুহক এটা বাৰ্তা দিব বিচাৰো যে যিকোনো বস্তু ধ্বংস কৰা সহজ, কিন্তু ইয়াক বনোৱা কঠিন।
Leave A Comment