• গাড়ীৰ চকা ঘূৰাই ৰিংকুমণিয়ে শিকাইছে জীৱন জিনাৰ মন্ত্ৰ

    জীৱন শৈলী
    গাড়ীৰ চকা ঘূৰাই ৰিংকুমণিয়ে শিকাইছে জীৱন জিনাৰ মন্ত্ৰ

    ডিজিটেল ডেস্কঃ সকলো কাম নাৰীৰ বাবে নহয়। সকলো কাম নাৰীয়ে কৰিব নোৱাৰে। এইয়া হ’ল সমাজত নাৰীৰ প্ৰতি থকা এটা অপবাদ। লিংগ বৈষম্যৰ কথা দোহাই দি সমাজত নাৰীৰ স্থান বহুখিনি অৱনমিত হ’ল। পৰিয়ালৰ ভিতৰতে নাৰীগৰাকী অনেক সময়ত পুৰুষৰ সমমৰ্যাদাৰ পৰা বঞ্চিত হয় আৰু সমঅধিকাৰ প্ৰাপ্যতো বাধা প্ৰদান কৰা হয়। গণতান্ত্ৰিক সমাজ ব্যৱস্থাত পুৰুষ আৰু নাৰী উভয়ে সম অধিকাৰ পাব লাগে। সংবিধানেও আনকি সম অধিকাৰৰ কথা কয়।





    লাহে-লাহে সময় সলনি হ’ল, সমাজত মহিলাৰ প্ৰতি থকা আওকলীয়া প্ৰথাসমূহ সলনি হ’ল। বিশেষকৈ নাৰীসকল শিক্ষিত হৈ অহাৰ লগে-লগে তেওঁলোকৰ প্ৰাপ্য অধিকাৰৰ কথা নিজে বুজি পাব পাৰিলে। বিংশ শতিকাত নাৰীয়ে কৰিব নোৱাৰা কাম একো নাই। নাৰীয়ে যদি মহাকাশত আকাশীযান চলাব পাৰে আনফালে আকৌ নাৰীয়ে দেশৰ সামৰিক বাহিনীত যোগ দি দেশ সুৰক্ষা কামত নিয়োজিত হৈছে আনফালে শিক্ষাৰ ক্ষেত্ৰতো নাৰীয়ে দেখুওৱা সাফল্যৰ কথা আছেই। মুঠতে চাৰিওফালে এতিয়া মহিলাৰে কেৱল জয়গান।






    এইবাৰ এগৰাকী যুৱতীয়ে কৰ্ম আন্দোলনৰ মাজেৰে স্বাৱলম্বীতাৰ বাট অংকন কৰিছে। তেওঁ কৰা কৰ্মৰ মাজেৰে এতিয়া সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। তেওঁৰ নাম ৰিংকুমণি চৌধুৰী। নগাঁও চহৰৰৰ লাওখোৱা ৰোডৰ ৰিংকুমণি চৌধুৰী নামৰ যুৱতীগৰাকীয়ে বৰ্তমান আৰ্থিক স্বাৱলম্বিতাৰ বাবে বাছি লৈছে গাড়ী চালনাৰ প্ৰশিক্ষণ দিয়াৰ কাম। যি সময়ত মানুহে লকডাউনৰ কৱলত পৰি নিজৰ জীৱিকা হেৰুৱাইছিল, সেই সময়তে যুৱতীগৰাকীয়ে বাছি লৈছিল এই জীৱিকা। সাধাৰণতে মহিলাই গাড়ী চলাই আনক প্ৰশিক্ষণ দিয়া কাৰ্য খুবেই বিৰল। যুুৱতীগৰাকীয়ে বাছি লোৱা এই কাৰ্য ব্যতিক্ৰম, সেইবাবে তেওঁ এতিয়া সকলোৰে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে।









    ৰিংকুমণি চৌধুৰীয়ে গাড়ী প্ৰশিক্ষণ দিয়াৰ সময়ত...




    ৰিংকুমণি চৌধুৰী আছিল এগৰাকী ৰাজ্যিক ভলিবল খেলুৱৈ। ৰাজ্যখনক প্ৰতিনিধিত্ব কৰি তেওঁ চেন্নাই, ৱেষ্ট বেংগল, ত্ৰিপুৰা, আগৰতালা খেল খেলিবলৈ গৈছিল আৰু ভাৰতৰ হৈ তেওঁ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু পৰৱৰ্তী সময়ত তেওঁ খেলত বিশেষ ভৱিষ্যত দেখা নাপাই সিমানতে খেল পথাৰ ত্যাগ কৰিছিল। বৰ্তমান তেওঁ গাড়ীখনকে একমাত্ৰ সাৰথি কৰি অংকন কৰিছে স্বাৱলম্বিতাৰ বাট৷ ১৮ বছৰ বয়সৰ পৰাই যুৱতী গৰাকীয়ে হাত গাড়ীৰ ষ্টেৰিংঙত৷ এতিয়া যেন তেওঁৰ গাড়ীৰ চকা ঘুৰিলেহে পেট ভৰে৷





    ৰিংকুমণি চৌধুৰীয়ে বৰ্তমান নগাওঁ আৰু গুৱাহাটী মহানগৰত বিশেষকৈ মহিলাসকলক গাড়ীৰ প্ৰশিক্ষণ দিয়ে ৷ সাধাৰণতে প্ৰায় সংখ্যক মহিলাই গাড়ীখন চলাবলৈ বিচাৰে যদিও উপযুক্ত প্ৰশিক্ষণৰ অভাৱত সেই কাম হৈ নুঠে, কিন্তু ৰিংকুমণি চৌধুৰীহতঁৰ দৰে মানুহে সেই কাম সম্ভৱ কৰি তুলিছে৷ গুৱাহাটীৰ তীব্ৰ যান-যঁটৰ মাজতো যুৱতী গৰাকীয়ে এগৰাকীৰ পাছত আন এগৰাকী মানুহক দি গৈছে গাড়ীৰ প্ৰশিক্ষণ৷ তেওঁ প্ৰশিক্ষণ দিয়া গাড়ীখনৰ নাম ৰাখিছে মা আৰু তা (মাক-দেউতাক)৷ তেওঁৰ দেউতাক যদিও এইখন পৃথিৱীত নাই তথাপিও জীৱিত কালত কন্যাৰ কামত তেওঁ সদায়ে সমৰ্থন কৰি আহিছিল৷ ৰিংকুমণিয়ে তেওঁৰ মাতৃক জীনৱৰ অনুপ্ৰেৰণা হিচাপে লৈ আগবঢ়াই নিছে তেওঁৰ জীৱন সংগ্ৰাম৷ ৰিংকুমণিৰ এই কৰ্মৰ নিদৰ্শন অনেক যুৱক-যুৱতীৰ বাবে হৈ পৰিছে অনুপ্ৰেৰণাৰ উৎস৷