ডিজিটেল ডেস্কঃ
বছৰটোত শিৱৰাত্ৰি ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশীত উদযাপন কৰা হয়। এই দিনটো ভোলেনাথক উপাসনা কৰাৰ বিশেষ তাৎপৰ্য আছে। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত ভগৱান শিৱৰ ৰুদ্ৰঅভিষেক কৰিলে ভক্তসকলৰ সকলো ইচ্ছা পূৰণ হয় আৰু তেওঁলোকৰ সকলো দুখ-কষ্ট দূৰ হয়। এই বছৰৰ মহাশিৱৰাত্ৰি ১ মাৰ্চ, ২০২২ তাৰিখে উদযাপন কৰা হ'ব। মহাশিৱৰাত্ৰি পূজা কৰি ঘৰৰ বাস্তু দোষো আঁতৰ কৰিব পাৰি।
মহাশিৱৰাত্ৰিৰ দিনা কি ব্যৱস্থাৰে পূজা কৰিলে দূৰ কৰিব পাৰি বাস্তু দোষ-
১.
বিশ্বাস কৰা হয় যে মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগক অভিষিক্ত কৰা পানী লৈ 'ওম নমহ শম্ভৱেই চ ময়োভৱেই চ নমহ শংকৰাই চ' ( '
ॐ नमः शम्भवाय च मयोभवाय च नमः शंकराय च') মন্ত্ৰটো কৈ ঘৰত এই পানী ছটিয়াই দিব লাগে। ই ঘৰৰ নেতিবাচক শক্তি ধ্বংস কৰে আৰু ঘৰত সুখ-সমৃদ্ধি বৃদ্ধি কৰে।
২. ঘৰত নিৰন্তৰ বিভেদ, ৰোগ বা অন্যান্য সমস্যা চলি থাকিলে সেইবোৰ আঁতৰ কৰিবলৈ ঘৰৰ উত্তৰ-পূব দিশত ৰুদ্ৰভিষেক কৰিলে সমস্যাবোৰৰ দূৰ হয়।
৩. ঘৰৰ বাস্তু দোষ আঁতৰাবলৈ মহাশিৱৰাত্ৰিৰ দিনা আপুনি ঘৰৰ পূব বা উত্তৰ-পশ্চিমত এডাল বেল গছ ৰোপণ কৰিলে উপকৃত হ'ব। এই গছত নিয়মীয়াকৈ পানী ঢালি থাকিব লাগে। মহাশিৱৰাত্ৰিৰ দিনা সন্ধিয়া সময়ত বেল গছৰ তলত ঘিউৰ চাকি জ্বলাওক।
৪. মহাশিৱৰাত্ৰিৰ দিনা ঘৰৰ উত্তৰ-পূব দিশত শিৱজীৰ পৰিয়ালৰ এখন ফটো ৰাখি পূজা-অৰ্চনা কৰিলে ঘৰৰ ক্লেশবোৰ আঁতৰ হোৱাৰ লগতে ই ঘৰত শান্তি বজাই ৰাখে আৰু পৰিয়ালৰ সদস্যসকলৰ মিলা-প্ৰীতি বৃদ্ধি কৰে।
Leave A Comment