ডিজিটেল ডেস্ক : ৰাজ্যৰ লাখ লাখ লোকক বিভিন্ন আঁচনিৰ অধীনত হিতাধিকাৰী সজাই ৰাজ্য চৰকাৰে সকাহ দি প্রশংসা বুটলিছে। আনফালে বাণীকান্ত কাকতি মেধাৱী বঁটাপ্রাপ্ত শিক্ষাৰ্থীৰ সংখ্যা হ্রাস কৰা হৈছে। মহিলাসকলক আকৰ্ষিত কৰিবলৈ গ্রহণ কৰা বিভিন্ন আঁচনিৰ অধীনত হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ বিপৰীতে স্কুটী প্রদান কৰিবলগীয়া শিক্ষাৰ্থীৰ সংখ্যা হ্রাস কৰিছে ৰাজ্য চৰকাৰে। বিগত বৰ্ষত ৪৮,৬৭৩গৰাকী শিক্ষার্থীয়ে স্কুটী পাইছিল যদিও এইবাৰ ৰাজ্য চৰকাৰে মাত্র ১১,২৫০ গৰাকী শিক্ষার্থীকহে স্কুটী প্রদান কৰিব। যাৰ ফলত বিগত বৰ্ষৰ তুলনাত বাণীকান্ত কাকতি মেধাবী বঁটা হিচাপে স্কুটী লাভ কৰিবলগীয়া শিক্ষার্থীৰ সংখ্যা এইবছৰ প্রায় ৭৭ শতাংশ হ্রাস হ'ব।
যিখন চৰকাৰে বিনামূলীয়া চাউল লাভ কৰা ৰেছন কার্ড থকা হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰি দালি, চেনি, নিমখ ৰেহাই দামত দিয়াৰ প্ৰস্তুতি চলাইছে, সেইখন চৰকাৰে শিক্ষার্থী উপকৃত হ'ব পৰা আঁচনিৰ বাবত ধাৰ্য কৰা বাজেটৰ পৰিমাণ হ্রাস কৰিছে। প্রতি মাহে ১২৫০ টকা লাভ কৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বৃদ্ধি কৰি মহিলাসকলক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে, সেইখন চৰকাৰে স্কুটী চলাই ওচৰৰ শিক্ষানুষ্ঠানত অধ্যয়নৰ সুবিধা পাবলগীয়া শিক্ষার্থীক বঞ্চিতহে কৰিছে।
উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে উচ্চতৰ মাধ্যমিকত উত্তীর্ণ মেধাৱী শিক্ষার্থীসকলে ওচৰৰ চহৰ বা মফচলীয় চহৰৰ শিক্ষানুষ্ঠানত অধ্যয়নৰ বাবে যাতায়াত কৰাৰ সুচলতাৰ বাবে প্রজ্ঞান ভাৰতী আঁচনি গ্রহণ কৰিছিল। আঁচনিখন প্রথম অৱস্থাত ছোৱালীৰ বাবে প্রযোজ্য কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত ল'ৰাকো সামৰা হ'ল। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকত প্রথম বিভাগত ছোৱালীয়ে ৬০ শতাংশ আৰু ল'ৰাই ৭৫ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হ'লে স্কুটী প্ৰদান কৰা হৈছিল।
যোৱা বছৰ প্ৰায় ৩৪৫.৭৪ কোটি টকা ব্যয়েৰে প্ৰথম বিভাগত উত্তীর্ণ মুঠ ৪৮,৬৭৩গৰাকী শিক্ষার্থীক স্কুটী প্রদান কৰা হৈছিল। নম্বৰৰ হাৰ বৃদ্ধি কৰাৰ ফলত এইবছৰ মাত্র ১১,২৫০ শিক্ষার্থীয়েহে স্কুটী লাভ কৰিব। ২০২৩ চনত প্রথম বিভাগত উত্তীর্ণ ৩৫,৭৭০গৰাকী মেধাৱী শিক্ষার্থীয়ে স্কুটী পাইছিল। হিতাধিকাৰী সৃষ্টি কৰা আঁচনিত গুৰুত্ব আৰোপ কৰা ৰাজ্য চৰকাৰে এইবছৰৰ পৰা ল'ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত নম্বৰৰ হাৰ সমান কৰে। অর্থাৎ ৮০ শতাংশ পালেহে স্কুটী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। যাৰ ফলত এইবছৰ অতি সামান্যসংখ্যক অৰ্থাৎ যোৱা বছৰৰ যিমান শিক্ষার্থীয়ে লাভ কৰিছিল তাৰ তুলনাত মাত্ৰ ২৩ শতাংশইহে স্কুটী লাভ কৰিব।
অর্থাৎ আন আন আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ বিপৰীতে শিক্ষার্থী উপকৃত হ'ব পৰা আঁচনিৰ ধন কৰ্তন কৰে ৰাজ্য চৰকাৰে। উচ্চ শিক্ষা বিভাগৰ তথ্য অনুসৰি কলা শাখাত ৪,৯৭৮ গৰাকী ছাত্ৰীয়ে আৰু ১,৭৩০জন ছাত্রই; বাণিজ্যত ৪৬৩গৰাকী ছাত্রীয়ে আৰু ৫৮৫জন ছাত্রই আৰু বিজ্ঞানত ১,৪১৯গৰাকী ছাত্ৰীয়ে আৰু ২,০৭৫জন ছাত্রই ৮০ শতাংশ বা ততোধিক নম্বৰ পাইছে। সামগ্রিকভাবে ছাত্ৰীৰ সংখ্যা ৬,৮৬০ আৰু ছাত্ৰৰ সংখ্যা ৪,৩৯০- মুঠতে ১১,২৫০। এই শিক্ষার্থীসকলৰ তালিকাও ইতিমধ্যে বিভাগে প্রকাশ কৰিছে।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment