ৰাষ্ট্ৰীয়
গুৱাহাটী : কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশীত পালন কৰা হয় ধনত্ৰয়োদশী বা ধনটেৰচ৷ ধনটেৰচৰ দিনা ভগৱান ধনন্তৰীক বিশেষ পূজা অৰ্চনা কৰা হয়। ধনটেৰচৰ দিনা আবেদন, বৰ্তন, বাহন, মাটি বাৰী ক্ৰয় কৰাটো বহুতো শুভ বুলি মনা হয়। ইয়াৰ উপৰিও এয়া মনা হয় যে ধনতেৰচৰ দিনা দান আদি কৰিলেও মা লক্ষ্মী প্ৰসন্ন হয়।
বিশ্বাস কৰা হয় ধনটেৰচৰ দিনা যিদৰে বস্তু ক্ৰয় কৰা হয়, ঠিক তেনেদৰে বস্তু দান কৰাৰো বহুতো মহত্ব আছে। সূৰ্য্য অস্ত আগে দান কৰাটো উচিত। ধনটেৰচৰ দিনা কাকো বগা বস্তু যেনে, গাখীৰ, দৈ, বগা মিঠাই, ইত্যাদি দান নকৰিব। এনে কৰাটো অশুভ মনা হয়। সেইদৰে ধনটেৰচৰ দিনা কেতবোৰ বস্তু দান কৰাটো ভাল আৰু শুভ মনা হয়।
ধনটেৰচৰ দিনা খাদ্য অনাজ দান কৰিলে ঘৰৰ ভৰাঁল সদাই পূৰ্ণ হৈ থাকে। ধনটেৰচৰ দিনা লোহা দান কৰিলে ভাগ্য সলনি হৈ পৰে। এই দিনটোত নিজ সাধ্য অনুসাৰে দৰিদ্ৰক অৰ্থও দান কৰিব পাৰে৷ ইয়াৰ উপৰি কাপোৰ দান কৰাটো শুভ মনা হয়৷
ধনটেৰচৰ দিনা ঝাড়ু কিনাৰ লগতে ঝাড়ু দান দিয়াটো বহুত শুভ মনা হয়। কোৱা হয় কোনো মন্দিৰত যদি নতুন ঝাড়ু দান কৰিব পাৰে, তেন্তে অত্যন্ত শুভ মনা হয়।
Leave A Comment