• পঞ্জিকাৰ ভৱিষ্যতবাণী : ভাল খবৰ দিলে অবিবাহিতসকলৰ বাবে

    জীৱন শৈলী
    পঞ্জিকাৰ ভৱিষ্যতবাণী : ভাল খবৰ দিলে অবিবাহিতসকলৰ বাবে
    ডিজিটেল ডেস্ক : আজি গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি কৰে কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা৷ মহামাৰী ক'ভিডৰ তৃতীয় ঢৌৱে ইতিমধ্যে দেশত বেয়াকৈ প্ৰভাৱ পেলোৱাৰ পাছতে আজি মুকলি কৰা পঞ্জিকা অনুসৰি দেশত ক'ভিড চলিয়েই থাকিব বুলি জানিবলৈ দিয়ে। বিভিন্ন দেশত ক'ভিড ভয়াৱহ হ'ব যদিও অসমত ইয়াৰ প্ৰভাৱ ভয়ংকৰ নহয় বুলি জানিবলৈ দিয়ে৷ কাৰণ অসমৰ ভাগ্য বৃহস্পতি। 

    উল্লেখ্য যে, দেশত প্ৰাকৃতিক দুৰ্যোগেও এই বৰ্ষটোত প্ৰভাৱ পেলাব৷ ভূমিকম্প হোৱাৰো সম্ভাৱনা আছে৷ ইপিনে ৰাজনৈতিক প্ৰেক্ষাপটত ভাল দিন আহিব এই বৰ্ষটোত। অৱশ্যে সীমা বিবাদ থাকিব। বৰষুণ বেছি হব। খেতি ভাল হব। মঙলৰ প্ৰভাৱত বিশ্বত অশান্তিৰ সৃষ্টি হ'ব। ঠায়ে ঠায়ে হত্যা, লুণ্ঠনৰো ঘটনা সংঘটিত হ'ব।

    উল্লেখ্য যে, অবিবাহিতসকলৰ বাবে এই বৰ্ষটোত লাভ কৰিব ভাল খবৰ। যিসকলৰ বিয়া হোৱা নাই, বিয়া হোৱা প্ৰচুৰ সম্ভাৱনা আছে তেওঁলোকৰ শুক্ৰৰ প্ৰভাৱত অহা বছৰ বিয়া হ'ব। ৰাজ্যত এই বৰ্ষটোত পথ দুৰ্ঘটনা বৃদ্ধি পাব। ইপিনে, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলা অপৰাধমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত লাভ কৰিব সফলতা৷ চৰকাৰ আগতকৈ সক্ৰিয় হ'ব। ২০২২বৰ্ষৰ ১০ জুলাইৰ পাছত অসমবাসীলৈ ভাল খবৰ আহিব।

    ৰাজ্যত সুস্থিৰ পৰিৱেশ অহাৰ লগতে শান্তি আলোচনালৈ সমৰ্থন আগবঢ়াব পাৰে বিদ্ৰোহী সংগঠনসমূহে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দক্ষতাৰে নিজৰ কাৰ্যকাল সম্পন্ন কৰিব পাৰিব। ৰাজ্যত বিৰোধী দল নিষ্ক্ৰিয় হ'ব। বিৰোধীয়ে মাত মাতিব খুজিলেও চৰকাৰে উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ'ব৷ চৰকাৰে আমদানি, ৰপ্তানীৰ জৰিয়তে আৰ্থিক দিশটো উন্নত কৰিব পাৰিব। লগতে মহিলাৰ কাৰণে বিভিন্ন আঁচনি প্ৰৱৰ্তনৰ চেষ্টা কৰিব চৰকাৰখনে। দেশৰ উন্নয়নৰ বাবেও বিভিন্ন আঁচনি প্ৰৱৰ্তন থাকিব।