• ভূমি দখলৰ অপচেষ্টা ! অঘৰী হোৱাৰ আশংকাত এটি দৰিদ্ৰ পৰিয়াল

    জীৱন শৈলী
    ভূমি দখলৰ অপচেষ্টা ! অঘৰী হোৱাৰ আশংকাত এটি দৰিদ্ৰ পৰিয়াল


    হাজোঃ হাজোৰ কৈৱৰ্তটোলাৰ এটি দৰিদ্ৰ পৰিয়ালে নিজৰ আপোন ঘৰখন হেৰুৱাই অঘৰী হোৱাৰ আশংকাত ভুগিছে। আজোককাকৰ দিনৰেপৰা বাস কৰি অহা পৰিয়ালটোৰ মাটিখিনি গাঁৱৰে প্ৰবীণ মেধি নামৰ এজন লোকে তেওঁৰ মাটি বুলি নথি-পত্ৰ দেখুৱাই দাবী উত্থাপন কৰিছে।

    ইয়াৰ পাছতেই পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে। ভুক্তভোগী পৰিয়ালটোৰ মুৰব্বী বসন্ত দাসে কান্দি কান্দি আৰক্ষী-প্ৰশাসনক ‘অঘৰী হোৱাতকৈ আমাক গুলী কৰি মাৰক’- বুলি আহ্বান জনাইছে। ইফাল প্ৰবীণ মেধিয়ে আৰক্ষী আনি পৰিয়ালটোক উচ্ছেদ কৰিবলৈ লোৱাত কৈৱৰ্তটোলাবাসী চিন্তিত হৈ পৰিছে। প্ৰবীণ মেধি মুৰ্দাবাদ, এই মাটি এৰি দিয়া নহ’ব আদি শ্ল’গানৰে গাঁওবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

    যদি পুনৰবাৰ বসন্ত দাসৰ পৰিয়াটোক উচ্ছেদ কৰাৰ চক্ৰান্ত কৰা হয়, তেন্তে ইয়াৰ পৰিণতি ভয়াৱহ হ’ব বুলি গাঁওবাসীয়ে দাবী জনায়। একাংশ কৈৱৰ্তটোলাবাসীৰ অভিযোগ যে, প্ৰবীণ মেধি নামৰ লোকজনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ পৰিয়াল আৰু গাঁওবাসীক ভয় দেখুৱাই মাটি দখলৰ চেষ্টা চলাইছে! আৰএছএছ আৰু বিজেপিৰ এজন‌ সদস্য প্ৰবীণ মেধিৰ দৰে এই সুবিধাবাদী চৰিত্ৰৰ ব্যক্তিসকলক দল-সংগঠনৰ পৰা বহিষ্কাৰ কৰিব লাগে বুলি গাঁওবাসীয়ে সাংবাদিকৰ সন্মুখত দাবী উত্থাপন কৰিছে। লগতে প্ৰশাসনক দৰিদ্ৰ পৰিয়ালটোক উচ্ছেদ কৰি অঘৰী নকৰিবলৈ কাতৰ আহ্বান জনাইছে জনায় স্থানীয় সচেতন মহলে !