ৰাষ্ট্ৰীয়
ডিজিটেল ডেস্ক: পোহৰৰ উৎসৱ দীপাৱলী… মাজত মাথোঁ কেইটামান ঘণ্টা বাকী৷ ইতিমধ্যে ৰাজ্যজুৰি চলিছে দিপাৱলীৰ প্ৰস্তুতি৷ ঘৰৰ চৌপাশে চাকি জ্বলোৱাত আজিৰেই ব্যস্ত হৈছে গৃহিণীসকল। ইলেক্ট্ৰিক লাইটৰ সহায়তেই হওক বা মিঠাতেলৰ চাকিৰেই হওক আন্ধাৰ আঁতৰাই উজলি উঠিব পোহৰৰ শিখা৷ কিন্তু আপুনি দীপাৱলী উদযাপন কৰিবলৈ যাওঁতেই হ’ব লাগিব সাৱধান৷ নহ’লে আপুনি পৰিব পাৰে বিপদত৷ দীপাৱলীৰ ফটকা কিমান হানিকাৰক আপোনাৰ বাবে, সেয়া হয়টো আপুনি কল্পনাও কৰিব পৰা নাই!
ফটকা বা আটচবাজী ফুটাই দীপাৱলী উদযাপন কৰাৰ মাদকতাই সুকীয়া৷ যদিও ইয়াৰ বাবে প্ৰশাসনে জাৰি কৰিছে নতুন নিয়ম, তথাপি এটা ফটকা নুফুটোৱাকৈ আপুনি হয়টো নাথাকিব৷ ফটকা ফুটাবলৈ যাওঁতেই হওক সাৱধান৷ ফটকাৰ ধোঁৱাই আপোনাক কৰিব পাৰে ক্ষতি৷ ই চকুৰ বাবে বহু হানিকাৰক৷ সেয়ে ফটকা ফুটাবলৈ সদায় দূৰত্ব বজায় ৰাখক আৰু চকুত পৰিধান কৰক চচমা৷
প্ৰতিখন ঘৰৰ ল’ৰা-ছোৱালীয়েই ফুলজাৰি-ফটকা ব্যৱহাৰ কৰে। অভিভাৱকসকলে ঘৰত ফুলজাৰি জ্বলোৱা শিশুৰ ওপৰত চকু ৰাখিব লাগিব। তেওঁলোকে বুজাব লাগিব কেনেকৈ বিপদৰ পৰা বচাব পাৰে। ফটকা-ফুলজাৰি জ্বলোৱাৰ আগতে, হাতৰ সন্মুখত সদায়ে এবাল্টি পানী ৰাখিব লাগে। যাতে যদি কোনো বিপদ নপৰে, জুই আৰম্ভণিতে নিৰ্বাপিত কৰিব পাৰি।
দীৱালীৰ সময়ত দুচকীয়া বাহন লৈ যাওঁতে হওক সাৱধান৷ বহুলোকে ৰাস্তাত বহু ৰকমৰ ফটকা জ্বলায়, যাৰ ফলত হঠাৎ আপোনাৰ গালৈ অথবা চকুলৈ পৰিব পাৰে ফটকাৰ ছিটিকনি। গতিকে হেলমেট ব্যৱহাৰ কৰাটো বাঞ্চনীয়। যদি কিবা ঘটে, আপুনি নিজে ঔষধ গ্ৰহণ বা প্ৰয়োগ নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। কাৰণ চকুবোৰ অতি সংবেদনশীল শৰীৰৰ অংশ। ভুল ঔষধে যথেষ্ট ক্ষতি কৰিব পাৰে।
দীপাৱলীৰ সময়ত জুইলগা ঘটনাই সংবাদ শিৰোনাম দখল কৰে৷ গতিকে ঘৰৰ কাষত যিকোনো ফটকা বা বোমা ফুটালে হওক সাৱধান৷ ঘৰৰ পৰা দূৰৈত ফুটাওক আটবাজি৷ দীপাৱলী উদযাপন কৰাৰ আগতে এই কথাবোৰ মনত ৰাখিব লাগিব। ঘৰৰ বৃদ্ধ আৰু সৰু লোকসকলৰ প্ৰতি অতিৰিক্ত মনোযোগ দিব লাগিব। লেম্প জ্বলোৱাৰ সময়ত মনত ৰাখিব যে কোনো দুৰ্ঘটনা সংঘটিত নহয়। তেতিয়াহে আপোনাৰ দীপাৱলী পাৰ হ’ব সুকলমে৷
Leave A Comment