ৰাষ্ট্ৰীয়
মুছফিক হুছেইন: প্ৰতিজন সফল লোকৰ আঁৰত তেওঁলোকে অতীতত পাৰ কৰি অহা কিছুমান জীয়া কাহিনীৰ বিষয়ে আমি শুনিবলৈ পাওঁ, যি বিলাকৰ সংগ্ৰামৰ কাহিনীয়ে আমাক জীৱনৰ জটিল সময়খিনিত অলপ হলেও আগুৱাই যাবলৈ উৎসাহ, অনুপ্ৰেৰণা যোগায়৷ ক্ৰীড়া ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি মনোৰঞ্জন জগতলৈ প্ৰতিষ্ঠা হোৱা প্ৰায় প্ৰতিজন লোকৰে প্ৰাৰম্ভিক পৰ্যায়খিনি সংগ্ৰামেৰে পাৰ কৰিছে৷
বলীউড, বহুতো লোকৰ সপোন থাকে যে সেই চহৰখনত খোপনি পোতা, মনত পুহি ৰখা উচ্চাকাংক্ষা পূৰণ কৰিবলৈ সেইখনেই এখন উপযুক্ত মঞ্চ বুলি সকলোৱে বিবেচনা কৰে৷ কিন্তু বলীউডত এজন নবাগতৰ বাবে প্ৰবেশ কৰাটো যেনেদৰে জটিল, ঠিক সেইদৰে তাত টিকি থকাটোও সিমানেই জটিল৷ আজি আমি বলীউডত প্ৰতিষ্ঠা হোৱা তেনেকুৱা এজন ছুপাৰষ্টাৰ আমাৰ ‘অনুপ্ৰেৰণা’ শিতানত অন্তৰ্ভুক্ত কৰিছো, যাৰ সংগ্ৰামৰ কাহিনীৰ দ্বাৰা আপুনি-মই উৎসাহিত হ’ব পাৰোঁ৷ তেওঁৰ নাম ৰাজপাল যাদভ৷ বলীউডত কৗেতুক অভিনেতা হিচাপে খ্যাতি অৰ্জন কৰা অভিনেতাজনে জীৱনটো যথেষ্ট সংগ্ৰামেৰে পাৰ কৰিছে৷ কমেডি অভিনেতাজন ১৯৭১ চনত উত্তৰ প্ৰদেশৰ শ্বাৰজাহানপুৰ নামৰ এখন সৰু চহৰত জন্মগ্ৰহণ কৰিছিল৷
অভিনয়ৰ প্ৰতি চখ থকা ৰাজপালে প্ৰথমে তেওঁ স্কুলীয়া জীৱনৰ সময়তে শ্বাৰজাহানপুৰৰ এটা থিয়েটাৰ গোষ্ঠীৰ সৈতে জড়িত হৈছিল আৰু তাত অভিনয় কৰাৰ সুযোগ পাইছিল৷ অভিনেতাজনে সেই ক্ষেত্ৰখনৰ লগত জড়িত হবলৈ লক্ষ্নৗেৰ ভাৰতেন্দু নাট্য একাডেমীত নামভৰ্ত্তি কৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁ দিল্লীৰ নেচনেল স্কুল অৱ ড্ৰামাৰ পৰা অভিনয়ৰ সকলো কৗেশল আয়ত্ত কৰি ১৯৯৭ চনত খোজ পেলাইছিল অভিনয় জগতত৷ নেচনেল স্কুল অৱ ড্ৰামাৰত নামভৰ্ত্তি সময়ত অভিনেতাজনে গ্ৰহণ কৰিব লগা বৃহৎ প্ৰত্যাৎহ্বান, সেই সময়ত তেওঁলোকৰ ঘৰখনৰ আৰ্থিক অৱস্থা ইমানেই বেয়া আছিল যে ঘৰখনে এক স্বৰ্তৰ বিনিময়তহে তেওঁক তাত নামভৰ্ত্তি কৰিবলৈ দিছিল, স্বৰ্ততো আছিল এনেধৰণৰ যে- যদিহে তাত পঢ়ি তেওঁ ভবিষ্যতে এজন সফল অভিনেতা হ’ব নোৱাৰে, তেনেহলে ঘৰৰ পৰা তেওঁ কোনাধৰণৰ অৰ্থৰ সহায় নাপাব৷ কিন্তু প্ৰবল আত্মবিশ্বাসী অভিনেতাজনে নিজৰ স্থিতিত অটল আছিল৷ অভিনেতাজনৰ লক্ষ্য ইমানেই স্থিৰ আছিল যে, ঘৰৰ অভিভাৱকে তেওঁক বিজ্ঞান শাখাত পঢ়িবলৈ কোৱাত, তেওঁ ঘৰৰ কথামতে বিজ্ঞান শাখাত পঢ়িছিল যদিও এদিন কলেজৰ লেবত প্ৰেক্টিকেল কৰি থাকোতেই নিজৰ টেষ্ট টিউব ভাঙি উলাই আহিছিল কলেজৰ পৰা আৰু সেইদিনাই তেওঁ সিদ্ধান্ত লৈছিল যে, ৰাজপাল যাদৱ কোনো কাৰণতে বিজ্ঞানৰ মানুহ হ’ব নোৱাৰে। গতিকে এই সকলো এৰি তেওঁ প্ৰবেশ কৰিছিল অভিনয় ক্ষেত্ৰখনত৷
অভিনয় জগতখনত প্ৰবেশ কৰাৰ আগত যেতিয়া তেওঁ অডি্শ্বনৰ কাৰণে ঘুৰিছিল তেতিয়াও তেওঁ বন্ধুৰ পৰা টকা ধাৰলৈ লৈ বাছৰ ভাৰা দিছিল৷ এবাৰ তেওঁ এখন ছবিৰ বাবে অফাৰ পাইছিল আৰু সেই ছবিখনৰ বাবে তেওঁ মুম্বাইলৈ যাব হৈছিল, কিন্তু পৰিচালকে তেওঁ অভিনয় ক্ষেত্ৰখনত অভিজ্ঞতা কম থকাৰ বাবে ছবিখনত স্থান দিব নোৱাৰিব বুলি কোৱাত তেওঁ ঘৰলৈ গুছি আহিছিল৷ সেইদিনাও তেওঁ নিৰাশ হোৱা নাছিল বৰঞ্চ তেওঁ লগৰৰ সৈতে চাহ-চামুচা জুতি লৈছিল আৰু তেওঁ উপলদ্ধি কৰিছিল যে, সকলো বিফলতাই তেওঁক এইটোৱেই প্ৰমাণ কৰিছে যে, তেওঁ কিবা এটা কৰিবলৈ চেষ্টা কৰি আছে৷ তদুপৰি অভিনেতাজন যেতিয়া মায়ানগৰী মুম্বাইত খোপনি পুতিছিল তেতিয়া তেওঁ এটা পানী পৰা কোঠাত শুবলৈ দিছিল আৰু সেইবিলাক কথাই তেওঁ অকণমানো দিশভ্ৰান্ত কৰিব নোৱাৰিলে৷ সংগ্ৰামেৰে ভৰা অভিনেতাজন বৰ্তমান বলীউডৰ এজন ছেনচেশ্বনেল এক্টৰ৷ জিৰৰ পৰা হিৰ’ হোৱা অভিনেতাজন বলীউডত প্ৰায় ৩৫ খনৰো অধিক ছবিত অভিনয় কৰিছে৷ ৰাজপাল যাদৱৰ এই জীৱন কাহিনীয়ে সপোন দেখিবলৈ শিকা মানুহক সদায়েই অনুপ্ৰাণিত কৰিব৷
Leave A Comment