• ৰাশিফলত চাওক আজিৰ দিনটো...

    জীৱন শৈলী
    ৰাশিফলত চাওক আজিৰ দিনটো...

    ৭ আঘোন,বুধবাৰ, ইং ২৪ নৱেম্বৰ





    ১. মেষ ৰাশি - মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হ'ব৷ সজাগ নহলে সামান্য কৰ্মস্থান পৰিৱৰ্তন হোৱাৰ যোগ দেখা যায়। 
    ২. বৃষ ৰাশি- বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সুযোগ লাভ কৰিব৷ স্বাস্থ্যৰ উন্নতি৷ সন্মান লাভ হোৱাৰ যোগ।
    ৩. মিথুন ৰাশি - মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল হ'ব৷ প্ৰেমত শুভ হ'ব৷ সজাগ নহলে মনত সামান্য আহংকৰী মনোভাৱ বৃদ্ধিৰ যোগ দেখা যায়। 
    ৪. কৰ্কট ৰাশি- কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব৷  প্ৰেমত সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।
    ৫. সিংহ ৰাশিৰ- সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব৷ আজি আপুনি শুভ সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।
    ৬. কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ কৰিব৷ আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল।
    ৭. তুলা ৰাশি - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ক্ষেত্ৰত সন্মান বাঢ়িব৷ সাহিত্য সেৱাত মনোনিবেশ হ'ব৷ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
    ৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হ'ব৷ লগতে কৰ্মক্ষেত্ৰ শুভ হোৱাৰ যোগ দেখা যায়।
    ৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ৷ সন্মান বৃদ্ধি৷ কৰ্মক্ষেত্ৰত সজাগ নহলে প্ৰতাৰণাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
    ১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল হ'ব৷ সজাগ নহলে মনত ভয় ভাৱ বাঢ়িব পাৰে লগতে শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধিৰ যোগ দেখা যায়।
    ১১. কুম্ভ ৰাশি- কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত মনত আনন্দ বাঢ়িব৷ কৰ্মত যশস্যা বাঢ়িব। 
    ১২. মীন ৰাশি- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হ'ব৷ প্ৰেমত শুভ হ'ব যদিও আজি সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।