• ‘মিতভাষ’ৰ পৰা ‘অসমীয়া মানুহৰ ইতিহাস’লৈ... জন্মদিনত বৰেণ্য অসমীয়া ড° নগেন শইকীয়ালৈ শুভেচ্ছা

    জীৱন শৈলী
    ‘মিতভাষ’ৰ পৰা ‘অসমীয়া মানুহৰ ইতিহাস’লৈ... জন্মদিনত বৰেণ্য অসমীয়া ড° নগেন শইকীয়ালৈ শুভেচ্ছা
    ডিজিটেল ডেস্ক : অসমৰ সমাজ জীৱনক সৰ্বদিশৰ পৰা সমৃদ্ধ কৰি তোলা এগৰাকী ব্যক্তি হৈছে ডঃ নগেন শইকীয়া। যিসকল প্ৰাতঃস্মৰণীয় অসমীয়াই অসমীয়া ভাষা-সাহিত্য, সামাজিক জীৱন সৰ্বদিশলৈকে অৰিহণা আগবঢ়োৱাৰ লগতে জাতিৰ দুৰ্যোগৰ দিনত দিশ নিৰ্দেশনা প্ৰদানৰো কাম কৰি আহিছে তেওঁলোকৰ ভিতৰত ডঃ শইকীয়া অগ্ৰণী। সমাজ জীৱনৰ এইগৰাকী পুৰোধাৰ আজি জন্মদিন। ১৯৩৯চনৰ আজিৰ দিনটোতে শইকীয়াই জন্মগ্ৰহণ কৰিছিল। গল্পৰ পৰা কবিতালৈ, সমসাময়িক সামাজিক-ৰাজনৈতিক বিষয়ৰ প্ৰবন্ধৰ পৰা গভীৰ গৱেষণামূলৰ ৰচনালৈ সকলোতে বিচক্ষণতাৰে বিচৰণ কৰিছে ডঃ শইকীয়াই। কেৱল এয়াই নহয় তেওঁ প্ৰখৰ সমাজ চেতনা আৰু ৰাজনৈতিক সচেতনতাৰ পৰিচয় দাঙি ধৰি বিভিন্ন সময়ত জাতিক দিশ দেখুৱাই আহিছে।

    তেওঁৰ কৰ্মজীৱনো আছিল অতি বৈচিত্ৰ্যপূৰ্ণ আৰু গৰিমাময়। হাতীয়েখোৱা আৰু ঢেকীয়াল হাইস্কুলত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰা নগেন শইকীয়াই সাংবাদিকতাৰ জড়িত হৈছিল আৰু কিছুদিন 'অসম বাতৰি'ৰ সহকাৰী সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তাৰ পাছত ক্ৰমে ডিফু কলেজ, যোৰহাটৰ নিউ যোৰহাট কলেজ আৰু দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ত অধ্যাপনা কৰে। ১৯৭২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপকৰূপে যোগদান কৰে আৰু ২০০২ চনত বিভাগটোৰ প্ৰাধ্যাপক (সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসন) ৰূপে অৱসৰ গ্ৰহণ।

    ২০০৩ চনত কেইমাহমানৰ বাবে তেওঁ 'নতুন দৈনিক' কাকতৰ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৪চৰ পৰা ২০০৬ চনলৈ 'আমাৰ অসম' কাকতৰ সম্পাদকৰূপেও তেওঁ দায়িত্ব পালন কৰিছিল। উল্লেখ্য যে, তেওঁ ১৯৮৬ চনৰ পৰা ১৯৯২ চনলৈ ৰাজ্যসভাৰ সাংসদৰ দায়িত্বতো আছিল। কৰ্মজীৱনৰ এই ব্যপকত্বকো চেৰ পেলাই তেওঁৰ বিশালত্বপূৰ্ণ পৰিচয় গঢ় দিছিল তেওঁৰ সৃষ্টিশীল কৰ্মৰাজিয়েহে। গল্প, কবিতা, প্ৰবন্ধ আৰু গৱেষণামূলক গ্ৰন্থৰাজিৰে তেওঁ অসমীয়া সাহিত্যক বিশেষ ব্যাপ্তি আৰু বিস্তৃতি দিবলৈ সক্ষম হৈছিল। তেওঁ সৃষ্টি কৰা ‘মিতভাষ’ অসমীয়া সাহিত্যৰ বাবে এক একক আৰু অমূল্য সম্পদৰূপে বিবেচিত হৈ ৰৈছে। ডঃ শইকীয়াৰ জন্মদিনটো মিতভাষ দিৱস হিচাপে পালন কৰা হৈ আহিছে। ‘মিতভাষ’ৰ উপৰি তেওঁৰ স্বপ্ন, স্মৃতি বিষাদ নামৰ আন এখন কাব্যগ্ৰন্থ প্ৰকাশ পাইছিল। তেওঁৰ প্ৰকাশিত গল্প সংকলসমূহ হৈছে কুবেৰ হাতীবৰুৱা (১৯৬৭)

    ছবি আৰু ফ্ৰেম (১৯৬৯), বন্ধ কোঠাত ধুমুহা (১৯৭১), মাটিৰ চাকি (১৯৭৬),অস্তিত্বৰ শিকলি (১৯৭৬), অপাৰ্থিৱ পাৰ্থিৱ (১৯৮২), আন্ধাৰত নিজৰ মুখ (১৯৯৫) আৰু  হেমন্ত কালৰ এটি গধূলি (২০০১)। তদুপৰি Background Of Modern Assamese Literature (১৯৮৮), চিন্তা আৰু চিন্তামূলক চৰ্চা (১৯৮০), উনবিংশ শতিকাত অসমীয়া ভাষাৰ সংকট (১৯৮৮), ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু অন্যান্য ৰচনা (১৯৯৩), অগ্নিগৰ্ভা অসম (১৯৯৩), অসমীয়া কবিতা আৰু অন্যান্য বিষয় (১৯৯৬), গৱেষণা পদ্ধতি পৰিচয় (১৯৯৬), তুলনামূলক সাহিত্য বিচাৰ (১৯৯৬), অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ (১৯৯৭-৯৮), সাংবাদিকতা : এটি গধুৰ আৰু পৱিত্ৰ দায়িত্ব (২০০০)আদিৰ দৰে গভীৰ গৱেষণামূলক গ্ৰন্থৰে তেওঁ অসমীয়া সমাজ জীৱনৰ ঋদ্ধ কৰিছে। তেওঁৰ আটাইতকৈ উল্লেখনীয় কৃতি বুলি ক’লে ‘অসমীয়া মানুহৰ ইতিহাস’ গ্ৰন্থখনৰ কথা কেতিয়াও বাদ পৰিব নোৱাৰে। অসমীয়া মানুহৰ ইতিহাসক সকলো দিশ সামৰি তেওঁ লিখি উলিওৱা এই বৃহৎ গ্ৰন্থখন অসমীয়া জাতিলৈ তেওঁৰ এক আপুৰুগীয়া উপহাৰ।

    দুবাৰলৈ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰা ডঃ নগেন শইকীয়াই অসমৰ ৰাজনৈতিক জীৱনৰ ভালেমান অতি স্পৰ্শকাতৰ বিষয়তো মাত মাতি আহিছে। কিছুদিনৰ আগেয়ে বৰাকত অসমীয়া ভাষাক অপমান কৰাক লৈ হোৱা বিতৰ্কৰ সময়ত তেওঁ বৰাকৰ অসমৰ মানচিত্ৰৰ পৰা বাদ দিয়াৰ দৰে সাহসিক পৰামৰ্শ প্ৰদান কৰিছিল। কেৱল এয়াই নহয় জাতীয় জীৱনৰ সংকটৰ সময়ত তেওঁৰ ভূমিকাই সদায়ে অসমীয়া জাতিক উদ্বুদ্ধ কৰি আহিছে। এইগৰাকী বৰেণ্য অসমীয়লৈ জন্মদিনত ‘প্ৰাগ ডিজিটেল’ৰ ফালৰ পৰা জনাইছোঁ আন্তৰিক শ্ৰদ্ধা আৰু শুভকামনা। তেওঁ সুস্বাস্থ্যৰে শতায়ু পাৰ কৰক তাৰেই কামনা কৰিছে তেওঁৰ অসংখ্য গুণমুগ্ধয়ো।