ডিজিটেল ডেস্ক :
কলেষ্টৰেল হৈছে এক প্ৰকাৰৰ চৰ্বি, যিয়ে শৰীৰৰ বাবে কোষ আৰু হৰম’ন তৈয়াৰ কৰাৰ কাম কৰে। কিন্তু যেতিয়া ইয়াৰ মাত্ৰা শৰীৰত বাঢ়িবলৈ আৰম্ভ ধৰে তেতিয়াই বহুতো স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। বয়স অনুসৰি শৰীৰত কলেষ্টৰেলৰ নিৰাপদ মাত্ৰা ভিন্ন হয়।
উল্লেখ্য যে কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি হোৱাটো দুৰ্বল জীৱনশৈলীৰ ফল বুলি ক’ব পাৰি। অৱশ্যে ঔষধ সেৱন কৰিও ইয়াক ৰোধ কৰিব পাৰি যদিও প্ৰথম অৱস্থাত ঘৰুৱা পদ্ধতিৰেও ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব পাৰে।
১. নৰসিংহ পাত : শৰীৰৰ বেয়া কলেষ্টৰেল কমোৱাত নৰসিংহ পাত অতি ফলপ্ৰসূ। কাৰণ নৰসিংহ পাতত থকা এন্টিঅক্সিডেণ্টে বেয়া কলেষ্টৰেল ৰোধ কৰাত সহায় কৰে।
* খোৱাৰ পদ্ধতি-
আপুনি দৈনিক খাদ্য তালিকাত ৮-১০টা নৰসিংহ পাত ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ৰস প্ৰস্তুত কৰি সেৱন কৰিব পাৰে। কিন্তু ইয়াৰ আগতে আপোনাৰ স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শও ল’ব পাৰে।
২. ধনীয়াৰ পাত : প্ৰত্যেক ঘৰতে ধনীয়া পাত ব্যঞ্জনত ব্যৱহাৰ কৰা দেখা যায়। ধনীয়াই খাদ্য সোৱাদযুক্ত কৰাৰ লগতে স্বাস্থ্য ক্ষেত্ৰতো অতি উপকাৰী। গতিকে ধনীয়া পাত নিয়মিতভাৱে সেৱন কৰিও আপুনি উচ্চ কলেষ্টৰেলৰ সমস্যা নিৰাময় কৰিব পাৰে।
* খোৱাৰ পদ্ধতি-
ধনীয়া পাত আঞ্জাত দি, চালাড বা চাটনি বনায়ো খাব পাৰে।
৩. জামুকৰ পাত : যদি আপুনিও বেয়া কলেষ্টৰেল হ্ৰাস কৰিব বিচাৰিছে তেন্তে জামুকৰ পাত আপোনাৰ বাবে সৰ্বোত্তম বিকল্প। দৰাচলতে এই পাতত এন্টিঅক্সিডেন্ট আৰু এন্থ’চাইনিনৰ দৰে গুণ থাকে, যিয়ে শিৰাত জমা হোৱা বেয়া কলেষ্টৰেল হ্ৰাস কৰাৰ কাম কৰে।
* খোৱাৰ পদ্ধতি-
জামুকৰ পাত গুড়ি কৰি চাহ বনাই দিনটোত ১-২বাৰ খাব পাৰে।
৪. মেথিৰ পাত : মেথিৰ পাতত থকা ঔষধি গুণৰ লগত শৰীৰত জমা হোৱা বেয়া কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ স্বাস্থ্যসন্মত মাত্ৰাৰ সম্পৰ্ক থকা দেখা যায়। সেয়েহে উচ্চ কলেষ্টৰেল স্বাভাৱিক কৰিবলৈ মেথি পাত সেৱন কৰিব পাৰে।
* খোৱাৰ পদ্ধতি-
সাধাৰণ পাচলি হিচাপে মেথি পাত খাব পাৰে।
৫. তুলসীৰ পাত : কলেষ্টৰেলৰ মাত্ৰা স্বাভাৱিক কৰাত তুলসীৰ পাত অতি উপকাৰী বুলি প্ৰমাণিত হৈছে। ইয়াত থকা গুণবোৰে বিপাকীয় চাপ হ্ৰাস কৰাৰ কাম কৰে, যিয়ে শৰীৰৰ ওজন আৰু কলেষ্টৰেল মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখে।
* খোৱাৰ পদ্ধতি-
প্ৰতিদিনে পুৱা ৫-৬টা তুলসীৰ পাত ভালদৰে ধুই মচি খালী পেটত খাব পাৰে। ইয়াৰ গুণাগুণে বেয়া কলেষ্টৰেল ৰোধ কৰাত সহায় কৰে
Leave A Comment