ডিজিটেল ডেস্ক : ফাকুৱাৰ ৰঙেৰে বিধৌত সমগ্ৰ ৰাজ্য ৷ আবিৰৰ ৰং সানি বসন্তক আদৰণি ৰাজ্যবাসীৰ ৷ এই ৰঙৰ উৎসৱৰ মাজতেই আপুনিও ল’ব লাগিব নিজৰ ছালখনৰ দায়িত্ব ৷ জানো আহক নিজৰ শৰীৰৰ পৰা ফাঁকু কেনেকৈ আঁতৰাব -
১) আপোনাৰ লগত ৰাখক ৱেট ৱাইপছ
হোলী খেলিবলৈ গ’লে ৱেট ৱাইপছ ব্যৱহাৰ কৰক ৷ শৰীৰৰ যিকোনো অংশত ৰং লাগিলে আপুনি ইয়াক পৰিষ্কাৰ কৰিব পাৰে ৷ ইয়াৰ ফলত ৰঙবোৰ ছালৰ গভীৰতালৈ সোমাব নোৱাৰিব ৷ যাৰ বাবে আপুনি সংক্ৰমণৰ পৰা সুৰক্ষিত হ’ব ৷
২) এলোভেৰা জেল প্ৰয়োগ কৰক
এলোভেৰা জেলে ছালৰ সংক্ৰমণ হ্ৰাস কৰাত সহায় কৰে ৷ ই ছালখনক আৰ্দ্ৰতা প্ৰদান কৰাৰ লগতে সংক্ৰমণৰ পৰাও ৰক্ষা কৰে ৷ সেয়ে পৰাপক্ষত কেৱল প্ৰাকৃতিক ৰঙেৰে হোলী খেলিবলৈ চেষ্টা কৰক ৷
৩) মুখত নাৰিকল তেল লগাব
হোলীৰ ৰঙৰ ফলত হোৱা সংক্ৰমণৰ পৰা ছালখনক ৰক্ষা কৰিব বিচাৰে তেন্তে হাতত নাৰিকল তেল লৈ গোটেই মুখমণ্ডল আৰু শৰীৰৰ প্ৰতিখন ছালত লগাওক ৷
৪) সম্পূৰ্ণ শৰীৰ ঢাকি ৰখা কাপোৰ পৰিধান কৰক
যিকোনো ধৰণৰ ছালৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ তেন্তে সম্পূৰ্ণ শৰীৰ ঢাকি ৰখা কাপোৰ পৰিধান কৰক৷ হোলী খেলাৰ আগতে সম্পূৰ্ণ শৰীৰ ঢাকি ৰখা কাপোৰ বাছি লওক যাতে আপোনাৰ ছালখন সুৰক্ষিত হয় আৰু সংক্ৰমণৰ সম্ভাৱনা কম হয় ৷
Leave A Comment