• মদৰ ৰাগিত ৰাজ্যত শিহৰণকাৰী হত্যাকাণ্ড ; স্বামীৰ হাতত ৰাজপথতে কৰুণ মৃত্যু পত্নীৰ

    আঞ্চলিক
    মদৰ ৰাগিত ৰাজ্যত শিহৰণকাৰী হত্যাকাণ্ড ; স্বামীৰ হাতত ৰাজপথতে কৰুণ মৃত্যু পত্নীৰ
    ডিজিটেল ডেস্কঃ সুৰাৰ বাবেই নিঃশেষ হ'ল এটা পৰিয়াল। থানবান হ'ল এখন সুখৰ সংসাৰ। মদৰ নিচাত স্বামী বগাই নায়কৰ হাতত প্ৰাণ গ'ল পত্নী ৰীণা‌ নায়কৰ। 

    ঘটনা গোলাঘাটৰ লেটেকুবস্তিৰ। শাহুৱেকৰ তিলনীৰ বাবে গৈছিল বগাই নায়কসহ পত্নী। লেটেকুবস্তিৰ পৰা দোলাকাষৰীয়া মৌদামণি গাঁৱলৈ গৈছিল দুই পতি-পত্নী।‌

    দিনৰ ভাগতেই মৃতকৰ পৰম্পৰাগত শ্ৰাদ্ধাদি সমাপন কৰি নিশালৈ বগাইৰ  ভনীয়েকৰ  ঘৰত স্বামী-স্ত্ৰীয়ে একেলগে সেৱন কৰে মাদক দ্ৰব্য৷ 

    নিশাই ভনীয়েকৰ ঘৰৰ পৰা ওলাই গৈ পথত থকা বাঁহৰ দলং এখনৰ ওপৰেৰে পাৰ হৈ যাওঁতে পত্নী ৰীণাই মদৰ নিচাত লুটি খাই পৰে। কিন্তু  স্বামীৰ অভিযোগ অনুসৰি পৰি থকা পত্নী ৰীণাক উঠাবলৈ যাওঁতে নিচাসক্ত পত্নীয়ে বগাইক শোধাইছিল প্ৰচণ্ড গোৰ৷

    আৰু তাৰ পাছতেই ঘটনাই ল’লে পাক৷ নিচাসক্ত অৱস্থাত হিতাহিত জ্ঞান হেৰুৱাই নিজ পত্নীক ডিঙি চেপি হত্যা কৰে বুলি জানিবলৈ দিয়ে ঘাতক স্বামী বগায়ে। হঠাৎ পত্নীৰ মৃত্যু হোৱাত কথা বিষম দেখি নিজৰ ভনীজোৱাঁই কৃষ্ণ আৰু ভনীয়েকৰ সহযোগত  ওচৰতে থকা এখন হাবিত পত্নীক পুতি ৰাখে বুলিও চাঞ্চল্যকৰ স্বীকাৰোক্তি বগাই নায়কৰ৷

    অভিযুক্ত‌ই ঘটনাৰ বিৱৰণী স্বীকাৰ কৰিছে যদিও প্ৰকৃত ঘটনা মাদক দ্ৰব্যৰ কাৰণেই সংঘটিত হ'ল নে আঁৰত কিবা অন্য কাৰণ আছে, সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব।
    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor