স্বাস্থ্য
মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাসকলে
আজি মিশ্ৰিত ফল লাভ কৰিব৷ কোনো পাৰিবাৰিক কাৰণত ভাতৃৰ-ভগ্নীৰ সৈতে সংঘাত হোৱাৰ সম্ভাৱনা
আছে৷ সেয়েহে কিছু পৰিমাণে মন অস্থিৰ হৈ থাকিব পাৰে৷ প্ৰেমৰ সম্পৰ্ক ঠিকেই থাকিব৷ কৰ্মৰ
জৰিয়তে কৰ্মস্থলীৰ মুৰব্বীক সন্তুষ্ট কৰিব
পাৰিলে ধন লাভৰ সম্ভাৱনা আছে৷ আপোনাৰ পৰিশ্ৰম আৰু একাগ্ৰতাত মুৰব্বীজন আজিৰ দিনটোত
সন্তুষ্ট হৈ থাকিব৷ সংযমী হৈ কাম কৰক৷
বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ
বাবে আজিৰ দিনটো বিবাদৰে ভৰা হ’ব৷ আপোনাৰ দুৰ্বলতাৰ সুযোগ লৈ সহকৰ্মীয়ে কামত বিধিপথালি দিয়াৰ
চেষ্টা কৰিব৷ সন্মানিত হোৱাৰ লগতে নতুন পদো লাভ কৰিব পাৰে৷ পুৰণি সমস্যাৰ সমাধান বিচাৰি
পাব৷ ভাগ্যই আজিৰ দিনটোত আপোনাক ৮৬ শতাংশ সহায় কৰিব৷
মিথুন ৰাশি : চৰকাৰী কামত জড়িত
এই ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত প্ৰত্যক্ষ্ বা পৰোক্ষভাৱে সুফল লাভ কৰিব৷ লগতে
সহকৰ্মীৰ পৰাও সহযোগ লাভ কৰিব৷ সময়ৰ উচিত ব্যৱহাৰ কৰিলে ব্যৱসায়িক ক্ষেত্ৰত লাভ অৰ্জন
কৰিব পাৰিব৷ আত্মীয় আৰু বন্ধুৰ সৈতে সম্পৰ্ক মজবুত হ’ব৷ দিনটো
অধিক সুন্দৰকৈ পাৰ হৈ যাবৰ বাবে বজৰংবলীক পূজা কৰক৷
কৰ্কট ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলৰ
আজি আত্মবিশ্বাস আৰু কৰ্মস্পৃহা বৃদ্ধি পাব৷ ৰাজনৈতিক আৰু সামাজিক কামত জড়িত সকলে অধিক
সভাত যোগ দিবলৈ পাব৷ সন্মান লাভ কৰাৰ লগতে নতুন পদো অৰ্জন কৰিব পাৰিব৷ নিজৰ সিদ্ধান্তত
অটল হৈ থাকক৷ জটিল সমস্যাৰ সমাধানো লাভ কৰিব৷ এই ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত
গণেশ দেৱতাৰ পূজা কৰা উচিত ৷
সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকা
সকলে আজি নতুন সম্পৰ্ক গঢ়িব পাৰিব৷ যাৰ ফলত ভৱিষ্যতে সুফল লাভ কৰিব৷সময়ৰ উচিত ব্যৱহাৰ
কৰিলে ব্যৱসায়িক ক্ষেত্ৰত লাভ অৰ্জন কৰিব পাৰিব৷তুলসী গছত পানী দিয়াৰ লগতে গণেশক লাড্ডু
উৎসৰ্গা কৰিব পাৰে ৷
কন্যা ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকল
আজি কৰ্মক্ষেত্ৰত নতুন সমীকৰণত ব্যস্ত থাকিব৷ কিছু পুৰণি পৰিকল্পনা সফল হোৱাৰ দিশে
আগবাঢ়িব৷ চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব৷ আপোনাৰ হাতলৈ আজি নতুন সুযোগ
অহাৰ যোগ আছে৷ সেই সুযোগৰ সদ্ব্যৱহাৰ কৰিলে সুফল লাভ কৰিব৷ আৰ্থিক উন্নতি সম্ভৱ৷
তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ
আজিৰ দিনটো ভালদৰেই পাৰ হ’ব৷ অপ্ৰয়োজনীয় কামত সময় আৰু শক্তি অপব্যয় নকৰিব৷ পৰিকল্পনাবদ্ধভাৱে
কাম কৰক৷ বিবাহিত দম্পতীসকল সংযমী হওঁক৷ জীৱনসংগীৰ লগত কথাৰ কটাকটি হ’ব পাৰে।
বৃশ্চিক ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলে
আজি ব্যৱসায়ীক দিশত ভাল ফল লাভ কৰিব৷ প্ৰভাৱশালী ব্যক্তিৰ লগত চিনাকি হ’ব পাৰে৷ব্যৱসায়ীক
সংগঠনৰ লগত জড়িত সকলে মুনাফা লাভ কৰিব৷ এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজি আত্মবিশ্বাস আৰু
কৰ্মস্পৃহা বৃদ্ধি পাব৷ কোনো আইনী গোচৰ চলি থাকিলে সাফল্য লাভ কৰিব৷
ধনু ৰাশি : এই ৰাশিৰ জাতক-জাতিকা
সকলে আজি উত্তম স্বাস্থ্য লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত আনন্দ অটুট থাকিব৷ আয় বৃদ্ধি
পাব। সামাজিক পৰিস্থিতি মজবুত হ’ব৷ এই ৰাশিৰ জাতক-জাতকা সকলে সন্তুষ্টি অনুভব কৰিব ৷ আত্মীয় আৰু
বন্ধুৰ সৈতে সম্পর্ক উন্নত হ’ব। নিজৰ
দুর্বলতা কাৰো সন্মুখত স প্রকাশ নকৰিব। আৰু
কামত সাফল্য লাভ নকৰালৈকে নিজেৰ পৰিকল্পনা কাৰো সৈতে আলোচনা নকৰিব।
মকৰ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলে
ব্যৱসায়িক সম্পর্ক আৰু চুক্তি ক্ষেত্ৰত নিজৰ
পৰিশ্রমৰ পূর্ণ ফলাফল লাভ কৰিব৷ ব্যৱসায়ৰ ক্ষেত্রত এই ৰাশিৰ জাতকসকলৰ প্রভাৱ বাঢ়িব৷ আপোনাৰ জৰিয়তে
কিছু ব্যক্তিয়ে প্রভাৱশালী ব্যক্তিৰ সৈতে সম্পর্ক গঢ়ি তুলিব পাৰিব৷ প্রেমৰ ক্ষেত্ৰতো
ভাগ্যৱান হ’ব। বিৰোধীয়ে
আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰিব৷
কুম্ভ ৰাশি : আজি কুম্ভ ৰাশিৰ জাতকে
জীৱনসংগীৰ পৰা কম সহযোগিতা লাভ কৰিব। আপোনাৰ এনে অনুভূতিৰ কাৰণে মানসিক জটিলতা আৰু অৱসাদ দেখা দিব পাৰে। আপুনি চিন্তিত থাকিলেও কাকো
তাৰ উমান নিদিব৷ ব্যৱসায়ৰ অংশীদাবীৰ জৰিয়তে লাভ অর্জন কৰিব পাৰিব৷ আত্মবিশ্বাস বাঢ়িব৷
মীন ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলক
ব্যৱসায়িক দিশত নতুন সম্পর্ক আৰু চুক্তিৰ কৰাৰ বাবে ভাল সময়৷ কার্য সংক্রান্তীয় যাত্রাত ইতিবাচক ফলাফল লাভ কৰিব।কৰ্মস্থলীত মুৰব্বীৰ দ্বাৰা
উপেক্ষিত হ’ব পাৰে৷ সহকর্মীয়ে আপোনাৰ দুর্বলতাৰ সুযোগ লৈ আপোনাৰ
কামত বাধা সৃষ্টি কৰিব পাৰে৷ কোনো আইনী গোচৰ
চলি থাকিলে সাফল্য লাভ কৰিব৷
Leave A Comment