• কেৱল সৌন্দৰ্য্যই নহয়, ভাগ্যও সলনি কৰিব পাৰে এলোভেৰা গছে, ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব জানি লওক..

    জীৱন শৈলী
    কেৱল সৌন্দৰ্য্যই নহয়, ভাগ্যও সলনি কৰিব পাৰে এলোভেৰা গছে, ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব জানি লওক..
    ডিজিটেল ডেস্ক : বৰ্তমান সময়ত প্ৰায় সকলোৰে ঘৰতে এলোভেৰা গছ থকা দেখা পোৱা যায়। এই উদ্ভিদবিধৰ এনে বহুতো গুণ পোৱা যায় যিবোৰে মানুহৰ স্বাস্থ্যৰ উপৰি ছাল আৰু চুলিৰ সৌন্দৰ্য্য বাবে অত্যন্ত উপকাৰী। ইয়াৰ উপৰি আয়ুৰ্বেদিক চিকিৎসাৰ ক্ষেত্ৰতো এলোভেৰা সমানে উপযোগী। ইয়াৰ সমান্তৰালকৈ বাস্তুশাস্ত্ৰতো এই গছৰ গুৰুত্ব অধিক। কাৰণ এলোভেৰাৰ কিছুমান প্ৰতিকাৰ গ্ৰহণ কৰি আপুনিও আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। সেয়েহে আজি আমি এলোভেৰাৰ কিছু প্ৰতিকাৰৰ বিষয়ে জানো আহক।

    ১. পদোন্নতিৰ ক্ষেত্ৰত : চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতি আৰু সফলতা লাভ কৰিবলৈ এলোভেৰা গছ ৰোপণ কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। আপুনি আপোনাৰ ঘৰৰ পশ্চিম দিশত এলোভেৰা গছ ৰোপণ কৰি প্ৰগতি আৰু সফলতাৰ বাট মুকলি কৰিব পাৰে।
    ২. বৈবাহিক জীৱন সুখৰ হয় : এলোভেৰা গছ ৰোপণ কৰি আপুনি আপোনাৰ বৈবাহিক জীৱন সুখৰ কৰিব পাৰে। যদি আপোনাৰো জীৱন সংগীৰ সৈতে সৰু সৰু কথাত মনোমালিন্য ঘটে, তেন্তে আপোনাৰ ঘৰৰ পূব দিশত এলোভেৰা ৰোপণ কৰক। ইয়াৰ দ্বাৰা বৈবাহিক জীৱনলৈ সুখ-শান্তি কঢ়িয়াই অনাৰ লগতে দূৰ কৰে আপোনাৰ ঘৰৰ নেতিবাচকতা।

    ৩. আৰ্থিক সমস্যাৰ পৰা সকাহ দিয়ে : আপুনিও এলোভেৰাৰ দ্বাৰা আপোনাৰ আৰ্থিক সমস্যা সমাধান কৰিব পাৰে। যদি আপুনিও আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হয়, তেন্তে আপোনাৰ ঘৰৰ বাৰী বা বেলকনিত এলোভেৰা গছ ৰোপণ কৰা কৰক। ইয়াৰ ফলত ঘৰৰ দৰিদ্ৰতা নোহোৱা হয় আৰু আৰ্থিক সমস্যাৰ সমাধান হয়। ইয়াৰ বাহিৰেও টকা-পইচাৰ নতুন নতুন উৎস মুকলি হয়।