• শীতকালত ছালৰ যতন, কেনেদৰে ল’ব, জানি লওক

    জীৱন শৈলী
    শীতকালত ছালৰ যতন, কেনেদৰে ল’ব, জানি লওক
    ডিজিটেল ডেস্ক : শীতকালত মানুহে ছালৰ লগত জড়িত বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। শুকান বতাহৰ আৰ্দ্ৰতা বাবে মুখৰ উজ্জ্বলতা নোহোৱা হয়। ইয়াৰ পৰা সকাহ পাবলৈ মানুহে বিভিন্ন ধৰণৰ মইশ্ব’ৰাইজাৰ আৰু ক্ৰীম ব্যৱহাৰ কৰে। কিন্তু শীতকালত আপুনি কেনেকৈ ছালৰ যত্ন ল’ব পাৰি জানো আহক।

    ১. ঠাণ্ডাৰ সময়ত ছালৰ যত্ন লোৱাটো অতি প্ৰয়োজন। শীতকালত ছাল শুকান হোৱা বেছি দেখা যায়। এই সকলোবোৰ সমস্যাৰ পৰা হাত সাৰিবলৈ দৈনিক মুখত নাৰিকল তেল ব্যৱহাৰ কৰক।
    ২. মুখত দৈ লগালে ছালত পৰ্যাপ্ত পুষ্টি আৰু আৰ্দ্ৰতা পোৱা যায়। ই আপোনাক দাগ আৰু ছালক যিকোনো সমস্যাৰ পৰা আঁতৰাই ৰাখে। বিশেষ নিশা শোৱাৰ সময়ত লগালে পিছদিনা গোটেই দিনটো মুখখন সতেজ দেখা যায়।
    ৩. এলোভেৰা জেল মুখৰ বাবে অতি উপকাৰী, দৈনিক নিশা শোৱাৰ আগতে মুখত লগাব লাগে। ইয়াত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু মইশ্ব’ৰাইজিং কম্পাউণ্ড থাকে যি ছালখন সতেজ কৰি তুলিব পাৰে।
    ৪. সপ্তাহত দুবাৰকৈ মুখত মৌ লগাব পাৰে। শীতকালত ছালৰ শুকানতা আঁতৰোৱাত ই অতি সহায়ক। মৌ ২০ মিনিটৰ বাবে মুখত লগাই পৰিষ্কাৰ পানীৰে ধুব পেলাব।
    ৫. গ্লিচাৰিন আৰু গোলাপ জল ছালখন নিৰ্জীৱ হৈ পৰাত বাধা দিয়ে। দুয়োটা মিহলাই মুখত ভালদৰে মালিচ কৰিব পাৰে আৰু দৈনিক ১০-১৫ মিনিটৰ বাবে মুখত লগাব লাগে।