• চাণক্য নীতি! বিয়াৰ আগতে আপোনাৰ জীৱনসংগীৰ বিষয়ে এই ৪টা কথা জানি লওক

    জীৱন শৈলী
    চাণক্য নীতি! বিয়াৰ আগতে আপোনাৰ জীৱনসংগীৰ বিষয়ে এই ৪টা কথা জানি লওক
    ডিজিটেল ডেস্কঃ সম্পৰ্কই আমাৰ জীৱনৰ বহু দিশত প্ৰভাৱ পেলায়। চাণক্যই জীৱনৰ বিভিন্ন ক্ষেত্ৰত আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে সেই সম্পৰ্কে স্পষ্ট দিহা-পৰামৰ্শ আগবঢ়াইছিল। প্ৰাচীন ভাৰতৰ এই মহান পণ্ডিত, অৰ্থনীতিবিদ, শাস্ত্ৰজ্ঞ আৰু দাৰ্শনিক চাণক্যৰ পৰামৰ্শ বৰ্তমান সময়তো আমাৰ জীৱনত সমানেই প্ৰাসংগিক। জীৱনৰ বিভিন্ন দিশৰ বিষয়ে তেওঁ চাণক্যনীতি নামৰ গ্ৰন্থখনত উল্লেখ কৰিছে। স্বামী-পত্নী সম্পৰ্কৰ বিষয়ে চাণক্যই কি কৈছিল আজি আমি আপোনালোকক জনাম। 

    আমাৰ সকলোৰে জীৱনত এনে এজন সংগীৰ প্ৰয়োজন, যি সুখ-দুখত সদায় আমাৰ কাষত থাকিব। সেইবাবেই বিয়াৰ সিদ্ধান্তই আমাৰ জীৱনত ইমান গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। গতিকে সংগী যদি মনৰ দৰে হয়, তেন্তে গোটেই জীৱনটো সুখেৰে পাৰ হৈ যায়। কিন্তু সংগীৰ লগত যদি মনটো সামঞ্জস্যপূৰ্ণ নহয় তেন্তে জীৱনত সংকটৰ ক’লা ডাৱৰটো ওচৰ চাপি আহে। গতিকে জীৱন সংগী বাছি লওঁতে কেইটামান কথা মনত ৰখাটো জৰুৰী। চাণক্যই কৈছে যে বিয়াৰ আগতে ভবিষ্যত স্বামী বা পত্নীৰ বিষয়ে দুই-এটা কথা জনাটো জৰুৰী।

    ১)বিয়াৰ পিছত সুখী আৰু শান্তিপূৰ্ণ জীৱন কটাবলৈ হ’লে বিয়াৰ আগতে ভৱিষ্যত সংগীৰ আচৰণ আৰু মানসিকতাৰ বিষয়ে কিছু ধাৰণা থকাটো প্ৰয়োজনীয়। কেৱল বাহ্যিক সৌন্দৰ্য্যৰ ওপৰত ভিত্তি কৰি সংগী বাছি ল’লে ভৱিষ্যতে আপুনি পস্তাই থকাৰ আশংকা থাকে। যদি আপোনাৰ সংগীৰ হৃদয় ধুনীয়া নহয়, যদি তেওঁ মনেৰে সুন্দৰ নহয় তেন্তে কেৱল শাৰীৰিক সৌন্দৰ্য্যই আপোনাৰ সংসাৰখন ধুনীয়া কৰি তুলিব নোৱাৰে। গতিকে বিয়াৰ আগত মনৰ সৌন্দৰ্য্যৰ বিচাৰ কৰি লওক।

    ২)বিয়াৰ আগতে সংগীৰ মূল্যবোধ পৰীক্ষা কৰক। সঠিক মূল্যবোধ নথকা এজন ব্যক্তিয়ে বিপদৰ সময়ত আপোনাৰ পৰা আঁতৰি যাব পাৰে। ইয়াৰ উপৰিও যদি সংগীৰ মূল্যবোধ ভাল হয় তেন্তে ই আপোনাৰ সন্তানৰ লালন-পালনতো প্ৰভাৱ পেলায়। আৰু এটা কথা, বিয়াৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হোৱাৰ পিছতহে বিয়াৰ কথা ভাবিব। যিকোনো হেঁচাৰ ফলত বোৱা বিবাহে দুয়োৰে জীৱন ধ্বংস কৰিব পাৰে।

    ৩)চাণক্যই কৈছিল যে বিয়াৰ আগতে আপোনাৰ ভৱিষ্যত জীৱন সংগী কিমান ধৰ্মীয় সেইটো জানি লওক। যিজন ব্যক্তিৰ মন ধৰ্মকৰ্মৰ প্ৰতি নিৰ্দেশিত, তেওঁ সাধাৰণতে অন্যায়ত লিপ্ত নহয়। আধ্যাত্মিক চিন্তা-চৰ্চা কৰা মানুহৰ সংসাৰ সাধাৰণতে ভাল হয়।

    ৪)বিয়াৰ আগতে জীৱনসংগী কিমান ধৈৰ্য্যশীল হয় সেয়া জনাটো অতি প্ৰয়োজনীয়। ধৈৰ্য্যই এজন ব্যক্তিক শীতল মগজুৰ কৰি ৰাখিবলৈ আৰু বিপদৰ সময়তো সিদ্ধান্ত লোৱাত সহায় কৰে। ধৈৰ্য্যৰ অভাৱ হলে জীৱনত সেই ব্যক্তিজন সংকটত পৰিলে কি কৰিব ঠিক কৰিব নোৱাৰে। এনে লোকৰ লগত যদি আপুনি নিজৰ জীৱনটো জড়িত কৰে তেন্তে আপুনি খোজে খোজে সমস্যাৰ সন্মুখীন হ’ব লাগিব।