• প্লেটত একেলগে ৩খন ৰুটী দিয়াটো অশুভ বুলি গণ্য কৰা হয়! ইয়াৰ কাৰণ কি জানেনে?

    জীৱন শৈলী
    প্লেটত একেলগে ৩খন ৰুটী দিয়াটো অশুভ বুলি গণ্য কৰা হয়! ইয়াৰ কাৰণ কি জানেনে?
    ডিজিটেল ডেস্কঃ জ্যোতিষশাস্ত্ৰৰ(Astrology) বহু কথাৰ আঁৰত কিছুমান বিশ্বাস লুকাই থাকে যিবোৰ কম সংখ্যক লোকেহে জানে। কিন্তু সেইবোৰ কথা অনুসৰণ কৰিলে জীৱনত সুফল পোৱা যায় বুলি ভবা হয়। এনে এটা বিশ্বাস হ’ল তিনিখন ৰুটী একেলগে এখন প্লেটত পৰিবেশন কৰিব নালাগে। হয়, প্ৰায়ে ঘৰত আইতা বা মায়ে কোৱা আমি শুনিবলৈ পাওঁ যে এখন প্লেটত একেলগে তিনিখন ৰুটী, লুচী,পুৰী বা পৰঠা দিব নালাগে।  ইয়াৰ আঁৰৰ বিশ্বাসৰ কথা আমি বহুতেই জানো আৰু বহুতেই নাজানো। জ্যোতিষশাস্ত্ৰত এই বিষয়ে কি কয় জানো আহক।

    ৩খন ৰুটী একেখন প্লেটত পৰিবেশন কৰা নহয় কাৰণ...

    জ্যোতিষশাস্ত্ৰত তিনি নম্বৰটো ভাল বুলি গণ্য কৰা নহয়। বিশ্বাস অনুসৰি তিনি সংখ্যাটোক পূজাৰ পৰা বা আনকি সাধাৰণ জীৱনৰ পৰাও আঁতৰাই ৰখা হয়, যাৰ ফলত জীৱনত ইয়াৰ বেয়া প্ৰভাৱ কমি যায়। বিশ্বাস অনুসৰি মৃতকৰ বাবে সজোৱা থালত তিনিখন ৰুটী ৰখা হয় সেইবাবেই জীৱিত মানুহৰ থালত তিনিখন ৰুটী ৰখা নহয়। তেনে কৰাটো অশুভ বুলি গণ্য কৰা হয়। সেয়ে পৰিয়ালৰ লোকে এখন প্লেটত একেলগে ২-৪-৫ বা যিকোনো সংখ্যক ৰুটী দিয়ক মাত্ৰ তিনিখন ৰুটী দিয়াতো এৰাই চলিব লাগে।

    ৰুটীৰ বাহিৰেও আমাৰ পৰিয়ালবোৰত খাদ্যৰ লগত জড়িত আন বহুতো বিশ্বাস জড়িত হৈ থাকে, যিবোৰ বহু লোকেই মানি আহিছে। মানুহে যুগ যুগ ধৰি ৩ ৰুটীৰ কথা বিশ্বাস কৰি আহিছে। ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। কিন্তু তথাপিও এইবোৰ কথা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ চলি আহিছে আৰু জনসাধাৰণৰ জীৱনশৈলীৰ অংশ হৈ পৰিছে।


     
    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinejudi baccarat onlinesabung ayam onlinecasino onlinesabung ayam online livezeus slotslotsitus slotlive casino onlinesv388scatter hitamsabung ayam onlineagen casino onlineslot qrissbobet88sv388baccarat onlinelive baccaratlive casino