ডিজিটেল ডেস্ক : ইৰানৰ বিৰুদ্ধে শুকুৰবাৰে 'অপাৰেশ্যন ৰাইজিং লায়ন' আৰম্ভ কৰি দেশখনত ব্যাপক হাৰত ধ্বংসলীলাৰ সৃষ্টি কৰা অভিযানটোত ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীৰ কেন্দ্ৰসমূহ, সামৰিক ঘাটি তথা সেনাৰ বিষয়াক লক্ষ্য কৰি আক্ৰমণ কৰে।
এই অভিযানটোত ইজৰাইলী চোৰাংচোৱা সংস্থা, মোছাদে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ইজৰাইলী বায়ু সেনাৰ আক্ৰমণ সহজ কৰি তোলাৰ লক্ষ্যৰে মোছাদে ইৰানৰ ক্ষেপণাস্ত্র ক্ষমতা দুর্বল কৰি তোলাৰ লগতে দেশখনৰ এয়াৰ ডিফেন্স প্রণালী প্রভাৱহীন কৰি তোলে। মোছাদে ইৰানৰ ভিতৰত ঘাটি পাতি ইৰানত আই ডি এফৰ আক্ৰমণ সহজ কৰি তোলে। মোছাদে তিনিটা পর্যায়ত এই কাম কৰে। চোৰাংচোৱা সংস্থাটোৱে ইৰানৰ সীমাৰ ভিতৰত ড্ৰ'নৰ ঘাটি স্থাপন কৰে আৰু দেশখনে ইজৰাইললৈ ভূ-ভাগৰ পৰা ভূ-ভাগলৈ নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰক লক্ষ্য কৰি লয়।
মোছাদে বৃহস্পতিবাৰে নিশাই ইৰানত সাজু কৰি ৰখা ড্ৰ'নসমূহ সক্রিয় কৰে আৰু দেশখনৰ সামৰিক ঘাটিত তাণ্ডৱৰ সৃষ্টি কৰে। ইজৰাইলে এই আক্রমণটো কৰে কেইবা বছৰৰ চোৰাংচোৱা তথ্য, সুপৰিকল্পনা তথা অত্যাধুনিক প্রযুক্তি কৌশলৰ সহায়ত। মোছাদে তিনিটা পর্যায়ত এই অভিযানটো চলায়। প্রথম পৰ্যায়ত চোৰাংচোৱা সংস্থাটোৱে ইৰানৰ ভূ-ভাগৰ পৰা ভূ-ভাগলৈ নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰৰ ঘাটিসমূহৰ আশে-পাশে থকা মুকলি স্থানত ড্র'ন প্রণালী স্থাপন কৰে। মোছাদে ইৰানৰ এই স্থানসমূহৰ কাষতে 'প্রিছিছন গাইডেড ৱেপন ছিষ্টেম' স্থাপন কৰিছিল। ইজৰাইলী বায়ু সেনাৰ আক্ৰমণৰ লগত সংগতি ৰাখি মোছাডে ড্র'ন তথা এই প্রণালী সক্রিয় কৰে। মোছাদে অসাধাৰণৰ নিখুঁতভাৱে ইৰানৰ ক্ষেপণাস্ত্ৰক লক্ষ্য কৰি আক্ৰমণ কৰে। মোছাদে দ্বিতীয় পৰ্যায়ত ইৰানৰ এয়াৰ ডিফেন্স প্ৰণালী নিষ্ক্রিয় কৰি তোলে। মোছাদে সামৰিক বাহিনীৰ গাড়ীত উন্নত ক্ষেপণাস্ত্র আক্রমণ প্রণালী স্থাপন কৰে। ইয়াৰ জৰিয়তে মোছাদে ইৰানী প্ৰতিৰক্ষা প্রতিষ্ঠানসমূহ ধ্বংস কৰে আৰু ইয়াৰ ফলত ইজৰাইলী বিমানে সহজে ইৰানত লক্ষ্যস্থানত আক্ৰমণ কৰে। ইয়াৰ পাছত তৃতীয় পর্যায়ত মোছাদে ইৰানৰ সীমাৰ ভিতৰত বিস্ফোৰক ড্ৰ'নৰ দেশখনক প্ৰৱেশ সহজ কৰি তোলাৰ বাবে পূৰ্বতে সক্ৰিয় কৰি ৰখা নেটৱৰ্কৰ সহায় লয়। অভিযানটো আৰম্ভ কৰাৰ সময়তে এস্ফাহাজাবাদৰ সামৰিক ঘাটিত ক্ষেপণাস্ত্র লন্সাৰক লক্ষ্য কৰি আক্ৰমণ কৰে আৰু ধ্বংস কৰে। এই ঘাটিটোক ইজৰাইলে নিজৰ বাবে অতি বিপজ্জনক বুলি গণ্য কৰিছিল।
ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে প্ৰকাশ কৰা মতে, তেওঁলোকে আক্রমণটোৰ আগতেই অস্ত্র-শস্ত্র আৰু ড্ৰ'ন চোৰাংকৈ ইৰানলৈ লৈ গৈছিল আৰু সময় অহাৰ লগে লগে ইয়াৰেই ইৰানত আক্ৰমণ কৰে। ইজৰাইলী বাতৰি প্রতিষ্ঠানে প্রকাশ কৰা মতে, মোছাদে অভিযানৰ বহু দিনৰ আগতেই ইৰানত এই ঘাটি স্থাপন কৰিছিল। আনকি ইৰানী নিৰাপত্তা তথা চোৰাংচোৱা বাহিনীৰ চকুত ধূলি মাৰি মোছাদে ৰাজধানী তেহৰানৰ কাষতে ড্ৰ'নৰ ঘাটি স্থাপন কৰিছিল।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment