• ২০২৪ চনত এই ৪ ৰাশিৰ ওপৰত শনিৰ কুপ্ৰভাৱ পৰিব! সাৱধান হৈ থাকিব লাগিব

    জীৱন শৈলী
    ২০২৪ চনত এই ৪ ৰাশিৰ ওপৰত শনিৰ কুপ্ৰভাৱ পৰিব! সাৱধান হৈ থাকিব লাগিব
    ডিজিটেল ডেস্কঃ ২০২৪ বৰ্ষ আৰম্ভ হৈছে। এই নতুন বছৰত শনি কুম্ভ ৰাশিত থাকিব আৰু ইয়াৰ গতি সলনি কৰিব। জ্যোতিষত শনিক অতি গুৰুত্বপূৰ্ণ গ্ৰহ বুলি গণ্য কৰা হয়।

    ২০২৪ চনত ৪ ৰাশিৰ ওপৰত শনিৰ কুপ্ৰভাৱ পৰিব, সেইবাবে এই ৰাশি লোকসকল লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। সাৱধান হৈ থাকিব লাগিব।

    জানক কি এই ৪ ৰাশি 

    ১) কৰ্কট ৰাশিঃ ২০২৪ চনত শনি গ্ৰহই কৰ্কট ৰাশিৰ লোকৰ ওপৰত কুদৃষ্টি ৰাখিব। এই ৰাশিৰ লোক আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। গতিকে খুব ভাবি চিন্তিহে টকা খৰচ কৰিব। স্বাস্থ্যৰ উত্থান-পতন হ’ব পাৰে।

    ২) বৃশ্চিক ৰাশিঃ ২০২৪ চনত শনিৰ প্ৰভাৱে বৃশ্চিক ৰাশিৰ লোকৰ সমস্যা বৃদ্ধি কৰিব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ লগত বিবাদ হ’ব পাৰে। এই সময়ত নিজৰ কথাৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক।

    ৩) মকৰ ৰাশিঃ  শনিৰ প্ৰভাৱৰ বাবে মকৰ ৰাশিৰ লোকসকল অতি সাৱধান হ’ব লাগিব। মকৰ ৰাশিৰ লোকে নতুন বছৰত কাৰো পৰা ধাৰ ল’ব নালাগে, নহ’লে লোকচান হ’ব পাৰে। আৰ্থিক অৱস্থাত উত্থান-পতন হ’ব পাৰে।

    ৪) কুম্ভ ৰাশিঃ বৰ্তমান শনি কেৱল কুম্ভ ৰাশিতহে অৱস্থিত। বিনিয়োগৰ বাবে এইটো এটা অতি বিপদজনক সময় হ’ব। এই সময়ত খঙো নিয়ন্ত্ৰণ কৰিব লাগিব।