• আৰ্থিক সংকটৰ পৰা মুক্তি বিচাৰে নেকি আপুনিও? কৰিব পাৰে এই সৰু নিয়মটো

    জীৱন শৈলী
    আৰ্থিক সংকটৰ পৰা মুক্তি বিচাৰে নেকি আপুনিও? কৰিব পাৰে এই সৰু নিয়মটো

    ডিজিটেল ডেস্ক : ক’ভিডসৃষ্ট পৰিৱেশেই
    হওক বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ ফলতেই হওক, আমাৰ বহুতেই এতিয়াও বিভিন্ন ধৰণে অৰ্থনৈতিক
    সংকটৰে জৰ্জৰিত হৈ আছে আৰু এই অৰ্থনৈতিক সংকটে প্ৰায়ে আমাৰ শাৰীৰিক আৰু মানসিক জীৱনত
    ব্যাঘাত জন্মায়। যদি আপুনি আপোনাৰ শাৰীৰিক আৰু মানসিক জীৱনটো সুখৰ কৰিব বিচাৰে, যদি
    আপুনি নিজকে আৰ্থিক সংকটৰ পৰা মুক্তি বিচাৰে, তেন্তে আপুনি এই সৰু টিপছটো কৰিব পাৰে।



     আমাৰ চাৰিওফালে আঁহত গছ দেখা যায়।
    হিন্দু শাস্ত্ৰ অনুসৰি আঁহত গছৰ বহু গুৰুত্ব আছে, কিন্তু যদি কেতিয়াবা কোনো ঘৰৰ চৌহদত
    আঁহত গছ থাকে, তেন্তে সেয়া একেবাৰেই শুভ নহয়। অৱশ্যে আঁহত পাতেৰে এটা সৰু উপায় কৰি
    আপুনিও পাব পাৰে অৰ্থনৈতিক সংকটৰ পৰা মুক্তি। জানো আহক কেনেকৈ?



     এখন আঁহতৰ পাত লৈ তাত হালধি আৰু
    চন্দনৰ মিশ্ৰণ কৰি ‘হ্ৰিং
    লিখিব। তাৰ পাছত এই পাতটো আপোনাৰ টকা ৰখা পাৰ্ছত ৰাখিব পাৰে
    নাইবা যদি আপুনি কোনো শুভ কামলৈ গৈ আছে, তেন্তে সেই কামটো সফল হোৱাত আপোনাক সহায় কৰিব,
    কিন্তু সাৱধান হ’ব যাতে আঁহতৰ পাতটো মাটিত পৰি নাযায় বা চিঙি নাযায়, নহ’লে আপুনি ভবাৰ
    মতে মনোবাঞ্ছা পূৰণত বাধা হৈ পৰিব পাৰে।



     কিন্তু মনত ৰাখিব সম্পূৰ্ণ বিশ্বাসেৰে
    এই কামটো কৰিব। কাৰণ যদি আপোনাৰ মনত বিশ্বাস নাথাকে, তেন্ত ইচ্ছা পূৰণত বাধা আহি পৰিব।
    গতিকে বিশ্বাসেৰে আৰু যদি আপুনি বিচাৰে আৰ্থিক সংকটৰ পৰা মুক্তি, তেন্তে এই সৰু কৌশলটো
    অৱলম্বন কৰি চাব পাৰে।