ডিজিটেল ডেস্কঃ বহুতৰ ঘৰত ভঙা আইনা থাকে। কিছুমানৰ খিৰিকীৰ গ্লাছো ভঙা থাকে। বহুতে এলাহতে এইবোৰ আঁতৰ নকৰি ঘৰতে ৰাখি থয়। আপুনি জানেনে ঘৰত থকা ভঙা আইনাই ঘৰখনত নেতিবাচক শক্তি উৎপন্ন কৰে। বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত ভঙা আইনা থকাটো অতি অশুভ।
ভঙা আইনাই পৰিয়ালৰ কি ক্ষতি কৰে জানো আহক
১) ঘৰখনৰ মানুহবোৰ ৰুগীয়া হয়। কিবা নহয় কিবা ৰোগ ঘৰখনত উৎপন্ন হৈ থাকে।
২)খৰচ বেছি হয়। টকা জমা নাথাকে।
৩)মন অস্থিৰ হয়।
৪)ঘৰখনত অশান্তিময় পৰিৱেশৰ সৃষ্টি হয়।
৫)বিদ্যাৰ্থীৰ পঢ়াত মন নবহে।
৬)পৰিকল্পনা অনুযায়ী কামবোৰ হৈ নুঠে।
আনকি মানুহৰ মোবাইলৰ স্ক্ৰীণ বা টেম্পাৰো ভঙা হ’ব নালাগে। যেতিয়া আপুনি সেই ভাঙি যোৱা মোবাইলৰ স্ক্ৰীণ বা টেম্পাৰ গ্লাছখন অবিৰতভাৱে দেখি থাকিব ই আপোনাৰ মনত বিৰূপ প্ৰভাৱ পেলায় আৰু নেতিবাচকতা বৃদ্ধি কৰে। ঠিক সেইদৰে আপোনাৰ বাহনখনৰো গ্লাছ যদি ভাঙি যায় তেন্তে সেয়া তুৰন্তে সলনি কৰক। বহুতে ভাবে যে সকলোখিনি ঠিক মতে কৰি গৈ আছো কিন্তু জীৱনটো কিয় ইমান অশান্তিকৰ হৈ পৰিছে বা ভবা মতে কামবোৰ হৈ নুঠে, বাস্তুশাস্ত্ৰ অনুযায়ী আচলতে আপুনি নজনাকৈয়ে আপোনাৰ ক্ষতিসাধন কৰি আছে ভঙা আইনাখনে। গতিকে আজিয়েই লওক সঠিক সিদ্ধান্ত।
Leave A Comment