• আজিয়েই বাথৰূমৰ পৰা এই বস্তুবোৰ আঁতৰাই পেলাওক, নহ’লে আপুনিও পৰিব পাৰে ভয়াৱহ আৰ্থিক সংকটত

    জীৱন শৈলী
    আজিয়েই বাথৰূমৰ পৰা এই বস্তুবোৰ আঁতৰাই পেলাওক, নহ’লে আপুনিও পৰিব পাৰে ভয়াৱহ আৰ্থিক সংকটত
    ডিজিটেল ডেস্ক: বাথৰূম বনাওঁতে বা বাথৰূমলৈ যাওঁতে বা বাথৰূম ব্যৱহাৰ কৰোঁতে কিমান কথা মনত ৰাখিব লাগে? বাস্তুৰ মতে, যদি এই নিয়মসমূহ মানি চলা হয় তেতিয়া আপুনি দেখিব যে আপোনাৰ জীৱনটো অতি স্বাভাৱিক হৈ পৰিব। আমি প্ৰায়ে বুজি নাপাওঁ যে আমাৰ জীৱনটো কিয় দুখীয়া হৈ পৰিছে। কিয় ধনৰ অভাৱে দেখা দিয়ে। যদি আপুনি এই এই নিয়মসমূহ আপোনাৰ মনত ভালদৰে হৃদয়ংগম কৰি লয়, যদি আপুনি এই নিয়মসমূহ মানি চলে, তেন্তে আপুনি দেখিব যে বিত্তীয় সংকট সম্পূৰ্ণৰূপে নাইকিয়া হৈছে।

    ১) বাথৰূমত কেতিয়াও গছ-গছনি ৰোপণ নকৰিব। আমি বহুতে
    বতাহ বিশুদ্ধ কৰিবলৈ গছ-গছনি বাথৰুমত ৰাখোঁ, বাস্তৰ মতে, যদি বাথৰূমত গছ ৰোপণ কৰা হয় তেন্তে আপোনাৰ জীৱনত আৰ্থিক অৱনতি ঘটিব পাৰে।

    ২)বাথৰূমত ব্যৱহাৰ কৰা জোতা বা চেণ্ডেল কেতিয়াও ঘৰত বা আন কোঠাত ব্যৱহাৰ কৰিব নালাগে।বাথৰূমত ব্যৱহাৰৰ বাবে সুকীয়া চেণ্ডেল  ব্যৱহাৰ কৰা উচিত।

    ৩) বাথৰূমটো সজাবলৈ আমি যিমানেই নকৰোঁ কিয়, কিন্তু বাথৰূমৰ বেৰত কোনো ধৰণৰ পেইন্টিং ব্যৱহাৰ কৰিব নোৱাৰি, সেয়া একেবাৰেই কৰা উচিত নহয়।

    ৪)বাস্তুৰ মতে তিতা কাপোৰ কেতিয়াও বাথৰূমত ৰাখিব নালাগে, তেতিয়া আপোনাৰ জীৱনৰ আৰ্থিক সংকট দুগুণ হব। গতিকে বাস্তু শাস্ত্ৰৰ মতে তৎক্ষণাত বাথৰূমৰ পৰা ভিজা কাপোৰ আঁতৰাই দিব লাগে।

    ৫) গা ধোৱাৰ সময়ত বাথৰূমত চুলি পৰি যোৱাটো স্বাভাৱিক। কিন্তু সেই চুলিখিনি বাথৰুমত থাকিব নালাগে। বাস্তুৰ মতে, যদি চুলি এনেকৈয়ে থাকে, তেন্তে আপোনাৰ জীৱনটো অধিক দুখীয়া হ’ব পাৰে।