• টোপনিৰ সমস্যাত ভুগিছে নেকি? চিন্তা নকৰিব; আপোনাৰ বাবে আছে কিছুমান সহজ উপায়

    জীৱন শৈলী
    টোপনিৰ সমস্যাত ভুগিছে নেকি? চিন্তা নকৰিব; আপোনাৰ বাবে আছে কিছুমান সহজ উপায়
    ডিজিটেল ডেস্ক: ৰাতিৰ আহাৰ খোৱাৰ পাছত শুই যাব? নে কাম-কাজৰ পাছত শুব? সাৱধান হওক, আপুনি নজনাকৈয়ে কিছুমান মাৰাত্মক ভুল নকৰিব। আমি সকলোৱে মনত ৰখা উচিত যে আহাৰ গ্ৰহণ কৰা পাছত বা দৈনিক কৰ্ম শেষ কৰি এনেদৰে শুই থাকিলে আমি গোটেই দিনটোৰ সকলো ভাগৰ, মানসিক চাপ আদি লগতে লৈ শুবলৈ যোৱাৰ দৰে হয়। আৰু সেইবাবেই বা এনেবোৰ কাৰণতে আমাৰ টোপনি বিঘ্নিত হয়। এৰাতিৰ টোপনি মানে গোটেই দিনটোৰ সকলো ভাগৰ, মানসিক চাপ আৰু চিন্তাৰ  মানসিক শান্তি। কিন্তু ৰাতি পৰ্যাপ্ত আৰু ভাল টোপনি নোপোৱাটোৱে আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব। গতিকে আগতীয়াকৈ সচেতন হওক। ভাল টোপনিৰ বাবে কৰিবলগীয়া আৰু নকৰিবলগীয়া বিষয়ে জানি লওক।

    ভাল টোপনিৰ বাবে জাস্লোক হাস্পতালৰ খাদ্য বিশেষজ্ঞ তথা পুষ্টিবিদ ডেলনাজ চাণ্ডুৱাদিয়াই কি পৰামৰ্শ দিয়ে চাওক-

    ১. প্ৰথম কথা টোপনিৰ আগতে কমেও দুঘণ্টা সময় কাম, মানসিক চাপ, সকলো চিন্তা নিজৰ পৰা আঁতৰাই ৰাখক। নিজৰ লগত কিছু সময় কটাওক। টিভি চাওক, চিনেমা চাওক, অহা সপ্তাহত কৰিবলগীয়া কামৰ তালিকা এখন বনাওক, ৰন্ধা-বঢ়া ভাল পালে ৰান্ধক। কিন্তু শুবলৈ যোৱাৰ আগতে গোটেই দিনটো কি হৈছিল, কোনে আপোনাক কি ক’লে সেই বিষয়ে একেবাৰেই নাভাবিব।

    ২. শুৱাৰ আগতে কিছু লঘু সংগীত শুনিব, কোঠাটোত এটা লাইট জ্বলাব। প্ৰয়োজন হ’লে চাহ একাপ খাব পাৰে। বা কুহুমিয়া গৰম পানীত গা ধুব পাৰে, ই ভাগৰ ধুই পেলায়।

    ৩. আপোনাৰ ফোনটোৰ পৰা আৰম্ভ কৰি সকলো ইলেক্ট্ৰনিকছ বন্ধ কৰক। কাৰণ এই ইলেক্ট্ৰনিকছবোৰৰ পৰা ওলোৱা বিকিৰণ আমাৰ শৰীৰৰ বাবে ভাল নহয়। মেলাট'নিনৰ মাত্ৰা হ্ৰাস কৰি টোপনিত ব্যাঘাত জন্মাব পাৰে।

    ৪. টোপনিৰ আগতে আলমণ্ড বা দৈ খাব পাৰে, ই মেলাট'নিন নিৰ্গত কৰাত সহায় কৰে।

    ৫. টোপনিৰ আগতে ১০-১৫ মিনিট সময় এটা চুটি ধ্যান কৰিব পাৰে, ই আপোনাৰ স্নায়ুবোৰ শিথিল কৰি তুলিব আৰু আপুনি শান্তিৰে শুব পাৰিব।

    ৬. আপুনি ঘৰতে ৰেড লাইট জ্বলাব পাৰে কিয়নো অধ্যয়নত দেখা গৈছে যে ৰেড লাইটে মেলাটনিনৰ নিৰ্গমন বৃদ্ধি কৰে আৰু টোপনিত সহায় কৰে।

    বিশেষজ্ঞ কয় এই নিয়মসমূহ মানি চলিলে টোপনিৰ সমস্যা বহু পৰিমাণে হ্ৰাস পাব পাৰে।