ডিজিটেল ডেস্ক: স্বাস্থ্য আৰু পুষ্টিৰ দৃষ্টিকোণৰ পৰা উপযোগী চাউলৰ গুড়ি সৌন্দৰ্য্য সম্পৰ্কীয় সমস্যা দূৰ কৰিবলৈ বহু উপকাৰী। সৌন্দৰ্য্যৰ সমস্যাৰ বাবে পিঠাগুড়ি ব্যৱহাৰ কৰি ঘৰতে সহজে সমাধান কৰিব পাৰি।
সৌন্দৰ্য্যৰ সমস্যাত চাউলৰ গুড়ি কেনেকৈ ব্যৱহাৰ কৰিব?
১) পিঠাগুড়ি ব্যৱহাৰ কৰি চকুৰ তলত থকা ডাৰ্ক চাৰ্কল আঁতৰাব পাৰি। ইয়াৰ বাবে ১ চামুচ চাউলৰ গুড়িত ১চামুচ চাইলিয়াম মিহলাই চকুৰ তলৰ ক’লা বৃত্তবোৰত এই মিশ্ৰণটো লগাওক। ২০-৩০ মিনিট লগাই থৈ দিব। তাৰ পাছত মুখখন পানীৰে ধুব লাগে। সপ্তাহত তিনিবাৰকৈ এই ঔষধ গ্ৰহণ কৰিলে চকুৰ তলৰ ক’লা বৃত্তবোৰ সহজে আঁতৰি যায়।
২) চাউলৰ গুড়িয়ে ছালৰ মৌলিক ৰং বৃদ্ধি কৰে। চাউলৰ গুড়ি ব্যৱহাৰ কৰি মুখখন উজ্বল কৰিবলৈ এটা বাটিত ১ চামুচ চাউলৰ গুড়ি, ১/২ টা ৰুকি লোৱা আলু, আধা চামুচ মৌ আৰু ১ চামুচ গোলাপ জল দিব লাগে। এই সকলোবোৰ সামগ্ৰী একেলগে মিহলাই লওক। এই মিশ্ৰণটো মুখত স্ক্ৰাব হিচাপে লগাব লাগে। মালিচ কৰাৰ পাছত মুখত ১৫ মিনিট ৰাখিব লাগে। তাৰ পাছত মুখখন পানীৰে ধুব লাগে।
৩) চাউলৰ গুড়ি ব্যৱহাৰ কৰি ক’লা দাগ, ব্ৰণ আতৰাই মুখখন ধুনীয়া কৰিবলৈ ১ চামুচ গোলাপ জল আৰু ১/২ চামুচ আলমণ্ড অইল এটা বাটিত ১ চামুচ চাউলৰ গুৰিত মিহলাই লওক। এই পেষ্টটো মুখত লগাই ৩০ মিনিট ৰাখিব লাগে। তাৰ পাছত মুখখন পানীৰে ধুব লাগে। এই পেষ্টটো সপ্তাহত তিনিবাৰকৈ মুখৰ ক’লা দাগবোৰত লগালে আশা কৰা ফলাফল মুখত দেখা যাব।
৪) চাউলৰ গুড়িত তেল শোষণকাৰী উপাদান থাকে। মুখত অতিৰিক্ত তেল থকাৰ বাবে ব্ৰণ ওলাই আহে। সেয়েহে তেলীয়া ছালৰ সমস্যাৰ বাবে চাউলৰ গুড়ি অতি উপকাৰী। তেলীয়া ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চাউলৰ গুড়ি ব্যৱহাৰ কৰাৰ সময়ত এটা বাটিত ২ চামুচ চাউলৰ গুড়ি লৈ তাত অলপ গোলাপ জল মিহলাই এটা ডাঠ মিশ্ৰণ বনাব লাগে। এই পেষ্টটো ৩০-৩৫ মিনিট মুখত ৰাখিব লাগে। তাৰ পিছত সাধাৰণ পানীৰে মুখ ধুব লাগে।
৫) মুখৰ গ্ল' বঢ়াবলৈ চাউলৰ গুড়ি বা পিঠাগুড়ি ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে ১ চামুচ চাউলৰ গুড়ি, চন্দনৰ গুড়ি, দৈ মিহলাই মিশ্ৰণ বনাব লাগে। এই মিশ্ৰণটো মুখত লগাই ২০ মিনিট ৰাখিব লাগে। তাৰ পাছত মুখখন পানীৰে ধুব লাগে। সপ্তাহত তিনিবাৰকৈ এই পেষ্ট লগালে মুখৰ ছাল ভাল হয়।
Leave A Comment