ডিজিটেল ডেস্কঃ আজিকালি বহুতেই ঘৰত বনছাই ৰাখে। বনছাই দেখিবলৈ বৰ ধুনীয়া। বজাৰত বিভিন্ন ধৰণৰ বনছাই পোৱা যায়। বহুতে নিজেও বনছাই সৃষ্টি কৰি লয়। কিন্তপ ফেংছুইৰ মতে ঘৰৰ ভিতৰত কেতিয়াও বনছাই, কেকটাছ আদি সজাই ৰখাটো উচিত নহয়। বনছাই ,কেকটাছ আদিব পৰা অনবৰতে অশুভ শক্তি নির্গত হয়।
কেকটাছ হৈছে কাঁইটীয়া। ই শুভশক্তিক বিনাশ কৰি অশুভ শক্তি এৰি দিয়ে। সেয়ে এনে কেকটাছ কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে। ঘৰৰ ভিতৰত কেকটাছ ৰাখিলে নানান ধৰণৰ দুৰ্ঘটনা, ব্যবসায়ত লোকচান, গৃহকন্দল আদি হ'ব পাৰে। একেদৰে বনছাই হৈছে বিকাশক বলপূর্বক বাধা দি ৰখাৰ প্ৰক্ৰিয়াৰ ফলত হোৱা সৃষ্টি।
কোনো বৃহৎ গছ এজোপাক বিশেষ পদ্ধতিৰে সৰু গছৰ ৰূপতে ৰখা হয়। ইয়াৰ ফলত বিকাশৰ গতি স্তব্ধ হৈ পৰে। ই প্ৰকৃতিৰ নিয়ম বিৰুদ্ধ কথা। প্ৰকৃতিৰ নিয়মৰ বাহিৰলৈ গৈ প্ৰস্তুত কৰা বনছাই ঘৰৰ ভিতৰত ৰাখিলে নানান ধৰণৰ অপায়-অমংগল হ'ব পাৰে।
বনছাই ঘৰৰ ভিতৰত ৰাখিলে ইয়াৰ পৰা নিৰ্গত হোৱা অশুভ শক্তিয়ে গৃহস্থৰ মানসিক অৱস্থা বিধ্বস্ত কৰি তুলিব পাৰে । সেয়ে ঘৰৰ ভিতৰত কেতিয়াও বনছাই, কেকটাছ আদি ৰাখিব নালাগে বুলি ফেংছুইয়ে কৈ আহিছে।
Leave A Comment