• ঘৰত মহ-মাখি আৰু পঁইতাচোৰাই অশান্তি কৰিছে নেকি? এই ঘৰুৱা উপায় প্ৰয়োগ কৰিলে পাব শান্তি

    জীৱন শৈলী
    ঘৰত মহ-মাখি আৰু পঁইতাচোৰাই অশান্তি কৰিছে নেকি? এই ঘৰুৱা উপায় প্ৰয়োগ কৰিলে পাব শান্তি
    ডিজিটেল ডেস্কঃ প্ৰতিজন ব্যক্তিয়ে বিচাৰে যে তেওঁৰ ঘৰটো পৰিষ্কাৰ হৈ থাকক। ঘৰখনত পোক-পৰুৱা, পঁইতাচোৰা আৰু মহ ঘূৰি ফুৰাটো কোনেও নিবিচাৰে। যদি আপুনিও এনে সমস্যাৰ সন্মুখীন হৈছে, তেন্তে আজি আমি আপোনাক ইয়াৰ সৈতে মোকাবিলা কৰাৰ সহজ উপায়ৰ বিষয়ে ক’ম। এই প্ৰতিকাৰ গ্ৰহণ কৰাৰ পিছত পোক-পৰুৱা আৰু পইতাচোৰাৰ সমস্যাটো শিপাৰ পৰা নিৰ্মূল হ’ব।

    ঘৰত পঁইতাচোৰা আৰু মাখি-মহ আঁতৰাবলৈ স্প্ৰে বনাব লাগে। ইয়াক বনাবলৈ আপুনি এটা পাত্ৰত পানী ভৰাই ৰাখক। ইয়াৰ পিছত ইয়াত বহুখিনি নহৰুুৰ বাকলি, জলকীয়াৰ ঠাৰি, আৰু এলোভেৰা দি ঢাকি দিব। সেই পানী তিনিদিন এনেকৈ ঢাকি থৈ দিব। ইয়াৰ পিছত পানীত থকা সকলো বস্তু পিহি সেই পানীতে মিহলাই দিয়ক। এই কাম কৰাৰ পাছত আপোনাৰ কীটনাশক স্প্ৰে’ সাজু হ’ব।

    স্প্ৰে বনাওঁতে মনত ৰাখিব যে ইয়াৰ পৰা বেয়া গোন্ধ আহিব পাৰে। গতিকে সেই বাচন-বৰ্তনটো পাকঘৰত বা শোৱা কোঠাত নাৰাখিব। বৰঞ্চ সেই পাত্ৰটো এনে ঠাইত ৰাখক য’ত পৰিয়ালৰ সদস্যৰ চলাচল কম হয়। সেই পাত্ৰটো ৩ দিনৰ বাবে ঢাকনিৰে টানকৈ বন্ধ কৰি ৰাখিব লাগে। তাৰ পিছতহে খুলিব।

    এই স্প্ৰে বনোৱাৰ পাছত আপুনি পইতাচোৰা আৰু মহ-মাখি লুকাই থকা ঠাইত ২-৩ বাৰ স্প্ৰে কৰক। য’ত আৰ্দ্ৰতা থাকে বা য’ত পানী থাকে তাত এই স্প্ৰে’ কৰিব লাগে। বিচনাৰ তলত আৰু বাকচৰ পিছফালে স্প্ৰে’ কৰিলেও উপকাৰী। এনে কৰিলে মহ আৰু মাখিৰ বংশবৃদ্ধি নহয় আৰু ঘৰটো পোক-পৰুৱা আৰু পঁইতাচোৰাৰ পৰা মুক্ত হৈ পৰে।