• নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন

    আঞ্চলিক
    নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
    ডিজিটেল ডেস্কঃ ৰাইজৰ নিদ্ৰা হৰণ কৰা দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন অৱশেষত পৰিল আৰক্ষীৰ জালত। নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুৰ্ধৰ্ষ  বাইক চোৰটোক। 

    ৰূপহীহাটৰ কাৱৈমাৰীৰ পৰা নগাঁও TSI আৰক্ষীয়ে অভিযান চলাই আটক কৰে নবী হুছেইনক।

    নগাওঁ জিলাৰ বিভিন্ন প্ৰান্তত বাইক চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল নবী হুছেইনৰ গেঙে।

    পূৰ্বতেও ডকাইত গোচৰত অভিযুক্ত হৈ জেল হাজোতলৈ গৈছিল নবী হুছেইন। চোৰে নেৰে চোৰ প্ৰকৃতি, কুকুৰে নেৰে ছাঁই...যাৰ যি প্ৰকৃতি মৰিলে লগতে যায় বুলি অসমত এষাৰি প্ৰবাদ প্ৰচলিত আছে। ঠিক সেই কথাই খাটে নবী হুছেইনৰ ক্ষেত্ৰত। জেলত শাস্তি ভোগাৰ পাছতো জেলৰ পৰা ওলাই আহিয়ে পুনৰ চুৰি কাৰ্যত জঁপিয়াই পৰিল নবী। 

    পিতৃ-মাতৃয়ে নাম ৰাখিলে নবী পাছে তিলমানো নবীৰ গুণ নাই, কামে কাজে কিন্তু সি পাপীহে। 

    যোৱা নিশা কাৱৈমাৰীৰ পৰা নবী হুছেইনক আটক কৰি সোধপোচা অব্যাহত ৰাখিছে নগাঁও সদৰ আৰক্ষীয়ে। চোৰটোক গ্ৰেপ্তাৰ কৰাত স্বস্তিৰ নিঃশ্বাস পেলাইছে অঞ্চলবাসীয়ে।