• প্ৰদূষিত এলেকাত আছে ঘৰ? বাস্তুৰ মতে কি কৰিব লাগে?

    জীৱন শৈলী
    প্ৰদূষিত এলেকাত আছে ঘৰ? বাস্তুৰ মতে কি কৰিব লাগে?
    ডিজিটেল ডেস্কঃআজিকালি বহুতৰে ঘৰ কাৰখানা আদিৰ ওচৰতে থকা দেখা যায়৷ এনে পৰিস্থিতিত প্ৰদূষণৰ পৰা সকাহ পাবলৈ বাস্তুই কেতবোৰ বিধান দিছে৷  এতিয়া সমগ্ৰ বিশ্বতে প্রদূষণ এক ভয়াবহ সমস্যা হিচাপে দেখা দিছে।  বতাহ, পানী আদি বিষাক্ত হৈ পৰিছে। যাৰ ফলত ইয়াৰ প্ৰভাৱ মানুহৰ প্ৰত্যক্ষভাৱে পৰিছে। প্ৰদূষণৰ বাবেই মানুহে এতিয়া অত্যধিক হাৰত কৰ্কট, হাওঁফাওঁৰ ৰোগ, ছালৰ ৰোগ আদিত আক্রান্ত হ'বলৈ ধৰিছে। প্ৰদূষণৰ প্ৰধান কাৰণ হৈছে কল কাৰখানাসমূহ। 

    কল-কাৰখানাৰ পৰা ওলোৱা বৰ্জিত পদার্থ, ধোঁৱা আদিয়ে পৰিবেশ প্ৰদূষিত কৰি তোলে। কিন্তু উন্নয়নৰ বাবে কল-কাৰখানা লাগিবই। সেইবাবে কল-কাৰখানাৰ সৈতে মানুহে এতিয়া সহাৱস্থান কৰিবলৈ বাধ্য হৈছে। কল-কাৰখানাৰ প্ৰদুষণে যাতে মানুহৰ বিশেষ ক্ষতিসাধন কৰিব নোৱাৰে সেই উদ্দেশ্যে বাস্তু শাস্ত্ৰত কেতবোৰ বিধান দিয়া হৈছে। 

    এই বিধানসমূহ মানি চলিলে প্ৰদূষণৰ পৰা কিছু পৰিমাণে হ'লে মুক্ত হৈ থাকিব পৰা যাব। ঘৰৰ কাষত যদি কোনো কল-কাৰখানা থাকে তেন্তে তলৰ বিধানসমূহ মানি চলিব পাৰে।

    ঘৰৰ ওচৰত এটা ডাঙৰ বেলুন আঁৰি থৈ দিয়ক। ঘৰৰ সন্মুখত কিছু দূৰলৈ নিশাৰ ভাগত যাতে প্ৰচুৰ পোহৰ সৃষ্টি হয় তাৰ বাবে বিজুলীবাতি লগাওক। সেই বিজুলী বাতিৰ পোহৰত যাতে আপোনাৰ ঘৰখন আলোকিত হৈ থাকে সেই কথালৈ মন কৰক।

    ঘৰৰ সন্মুখত ওখ গছ ৰোপণ কৰক।

    ঘৰৰ চৌপাশে বাস্তুৰ বিধি অনুসৰি প্ৰচুৰ পৰিমাণে নিম গছ ৰোপণ কৰক। নিম গছে পৰিৱেশৰ প্ৰদূষিত পদার্থ শোষণ কৰি লয় আৰু বায়ুমণ্ডলত প্ৰচুৰ পৰিমাণে অক্সিজেন এৰি দিয়ে ।

    ঘৰৰ ওচৰে পাজৰে গছ ৰোপণৰ ক্ষেত্ৰত সদায় বাস্তু বিধি মানি চলিব লাগিব । কেতিয়াও পূব আৰু উত্তৰ অংশত ওখ গছ ৰুব নালাগিব।