ডিজিটেল ডেস্কঃ আজি বুধবাৰ, ৬ মাৰ্চ, ২০২৪। কেনে যাব আজি আপোনাৰ দিনটো? জানো আহক দিনটোৰ ৰাশিফল।
১. মেষ ৰাশি (অ,ল) : - মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি লাভ কৰিব, আনৰ পৰা ভাল উপদেশ আৰু পৰামৰ্শ লাভ কৰিব, লগতে আজি বিবাহিত ব্যক্তি সকলে পাৰিবাৰিক সুখ শান্তি লাভ হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন কৰ্মত যোগাযোগ কৰিবলৈ সক্ষম হব, ব্যৱসায়িক ভাৱে লাভাম্বিত হ'ব পাৰিব, নতুন কৰ্মৰ আজি আৰম্ভণি শুভ হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে উন্নতি হ'ব, লগতে আজি আপোনাৰ কৰ্মত যশস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : - কৰ্কট ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো টনকিয়াল হ'ব, সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য ভাতৃ স্থানীয় ব্যক্তিৰ দ্বাৰা বাধাৰ সন্মুখীন হব পাৰে লগতে আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনটো সামান্য উদাসীন হ'ব পাৰে লগতে আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰবাত পাবলগীয়া ধন সম্পত্তি ঘূৰাই পাব পাৰে, সন্মান লাভ কৰিব,প্ৰেমত শুভ হ'ব, লগতে আজি সাহিত্যক সকলৰ সাহিত্য সেৱাত মনোনিবেশ কৰাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ'ব, লগতে আজিৰ দিনটোত আপোনাৰ আমোদ-প্ৰমোদৰ মাজেৰে পাৰ হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব, সামান্য ব্যয় বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহ'লে সামান্য কৰ্মত বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, অধিবক্তাসকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি আৰ্থিক দিশটো নজৰ ৰাখাটো ভাল হ'ব।
১০. মকৰ ৰাশি (খ,জ): - মকৰ ৰাশি জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে সুৰক্ষিত হ'ব, মনত উৎসাহ বাঢ়িব, লগতে আজি আপুনি ভাল খৱৰ লাভ কৰাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত সিদ্ধি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সৌভাগ্যৰ উদয় হব, কৰ্মত জয় লাভ কৰিব, লগতে আজি আপুনি নতুন নতুন কৰ্মত যোগাযোগ কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।
Leave A Comment