• পিঁয়াজ কাটিলে চকুপানী ওলাই নেকি? এই সমস্যা দূৰ কৰাৰ উপায় জানো আহক

    জীৱন শৈলী
    পিঁয়াজ কাটিলে চকুপানী ওলাই নেকি? এই সমস্যা দূৰ কৰাৰ উপায় জানো আহক
    ডিজিটেল ডেস্ক: আলু আৰু পিঁয়াজ এই দুবিধ হ'ল মানুহৰ খাদ্যৰ তালিকাত এৰাব নোৱৰা সামগ্ৰী৷ পিঁয়াজৰ যিমান মূল্যবৃদ্ধি হলেও আমাৰ পাকঘৰত কিন্তু পিঁয়াজ নোহোৱাকৈ এদিনো নাথাকে৷ আজিৰ  এই প্ৰতিবেদনত লৈ আহিছো পিঁয়াজৰ বিষয়ে কিছু নজনা কথা। 

    পিঁয়াজ কেনেকৈ ব্যৱহাৰ হয় ?

    সাধাৰণতে মানুহে যি কোনো আঞ্জা বা ভাজি বনাবলৈ লওঁতে প্ৰথমে পিঁয়াজ ভাজি লয়৷ মাছ-মাংস ৰান্ধোতে আলুৰ সৈতে পিঁয়াজ বেচিকৈ দিলেহে খাবলৈ ভাল লগা হয় আঞ্জাখন। চালাড আৰু চাটনিত পিঁয়াজৰ ব্যৱহাৰ অপৰিসাৰ্য্য ৷ ইয়াৰ ওপৰিও পিঁয়াজৰ পকৰী, পিজ্জা, পৰঠা আদি বনোৱা হয়।

    চকুপানী নোলোৱাকৈ পিঁয়াজ কেনেকৈ কাটিব জানো আহক? 

    যদি পিঁয়াজকেইটা আগদিনা ৰাতি ফ্ৰিজত থৈ দিওঁ তেনেহ'লে পিছদিনা কাটিলে চকুত নধৰে৷
    বাকলি গুছোৱাৰ সময়ত শিপাৰ অংশটো কিছু অংশৰ সৈতে ত্ৰিভূজ আকাৰকৈ কাটি পেলাই দিব দিলেও চকুত নধৰে
    কেইটামান পিঁয়াজৰ উপকাৰিতাৰ বিষয়ে জানো আহক -
    পিঁয়াজত থকা ইনুলিন নামৰ ফাইবাৰে শৌচ কচা, পেটৰ বিষ আৰু এচিডিটি আতৰায় 
    পিঁয়াজ খুন্দি অলিভ অইলৰ লগত মিহলাই ঘঁহিলে আচিনাই ভাল হয়
    মৌ-মাখি,বৰল আদিয়ে বিন্ধিলে পিচা পিঁয়াজৰ লেপ লগালে ভাল হয়
    নাকৰ পৰা তেজ ওলোৱা বন্ধ কৰিবলৈ উতলা পানীত পিঁয়াজ মিহলাই ভাপ ল'ব লাগে