ডিজিটেল ডেস্কঃ ফেংছুইৰ মতে কিন্তু এই ক্ষেত্ৰত মন কৰিবলগীয়া কথাটো হ'ল ড্ৰেগনৰ মূৰ্তি কেতিয়াও লোৰে তৈয়াৰ কৰা হ'ব নালাগে। কাৰণ পূব দিশৰ উপাদান হৈছে কাঠ। ধাতুরে কাঠ কাটে। সেইবাবে ধাতুৰ সৈতে কাঠৰ সম্পৰ্ক সদায় বিপৰীতমুখী হয়। পূব দিশত ধাতুৰে নিৰ্মাণ কৰা ড্ৰেগনৰ মূৰ্তি ৰাখিলে হিতে বিপৰীতহে হ'ব পাৰে। ড্রোনৰ মূর্তি তেনে স্থানত ৰাখিব লাগে যি স্থানত অধিক হাৰত মানুহৰ সমাগম হয়।
বিশেষকৈ হোটেল, ৰেষ্টুৰেণ্ট, দোকান আদিৰ পূৱ দিশত ড্ৰেগনৰ মূৰ্তি স্থাপন কৰিলে যথেষ্ট সুফল লাভ কৰিব পাৰি। ড্ৰেগনৰ মূৰ্তি পিছে কেতিয়াও শোৱনি কোঠাত ৰাখিব নালাগে। কাৰণ ড্ৰেগন হৈছে সক্ৰিয়তাৰ প্ৰতীক। শোৱনি কোঠাত মানুহে ক্লান্ত শৰীৰ লৈ প্ৰৱেশ কৰে। মানুহে টোপনিৰ জৰিয়তে ক্লান্ত শৰীৰক পুনৰ সক্ৰিয় কৰে । যদি শোৱনি কোঠাত প্ৰাণ শক্তিৰ প্ৰতীক ড্ৰেগনৰ মূৰ্তি ৰখা হয় তেন্তে মানুহৰ টোপনিত ব্যাঘাত জন্মিব। সেইবাবে শোৱনি কোঠাত কেতিয়াও ড্ৰেগনৰ মূৰ্তি ৰাখিব নালাগে।
Leave A Comment