• জেলেপিৰ অবিহনে অসম্পূৰ্ণ দুৰ্গা পূজাৰ মাদকতা

    জীৱন শৈলী
    জেলেপিৰ অবিহনে অসম্পূৰ্ণ দুৰ্গা পূজাৰ মাদকতা
    ডিজিটেল ডেস্ক : আজিকালি বছৰৰ যিকোনো সময়তে বজাৰত জেলেপি পোৱা যায় যদিও দুৰ্গা পূজা চাবলৈ গ’লে জেলেপি নাখালে উৎসৱৰ মাদকতাই নালাগে। আনকি বজাৰত বহু ধৰণৰ মিঠাই উপলব্ধ থাকে যদিও দুৰ্গা পূজাৰ সময়ত জেলেপিৰ স্থান সুকীয়া বুলিব পাৰি। কিন্তু আপুনি জানেনে এইবিধ সুস্বাদু মিঠাই জেলেপিৰ উৎপত্তি ক'ত হৈছিল? জেলেপিয়ে দশম শতিকাত ইৰানত জন্মলাভ কৰিছিল আৰু পাৰস্যত তেতিয়া জেলেপিক জুলবিয়া বোলা হৈছিল। ৰমজান মাহত ইফতাৰৰ সময়ত ৰাইজৰ মাজত জুলবিযা বিতৰণৰ উল্লেখ সেই সময়তে বিভিন্ন গ্ৰন্থত পোৱা যায়।

    তুৰ্কী আৰু পাৰস্যৰ সদাগৰ, শিল্পী আৰু ধৰ্ম প্ৰচাৰকসকলৰ মাজত জেলেপিয়ে জনপ্ৰিয়তা লাভ কৰিছিল। ইতিহাস অনুসৰি ১৫ শতিকাত এইবিধ মিঠায়ে ভাৰতবৰ্ষতো সমানেই জনপ্ৰিয়তা লাভ কৰিছিল। উত্তৰ ভাৰতত এইবিধ মিঠাইৰ প্ৰচলন অধিক হোৱা দেখা য়ায়। 

    আজিও সমগ্ৰ ভাৰতত জেলেপিৰ সমাদৰ অধিক বুলিব পাৰি। ঠাই ভেদে ৰন্ধনত কিছু পৃথকতা থাকিলেও মূল প্ৰকৰণত বিশেষ পাৰ্থক্য নাথাকে। ক’ৰবাত যদি তেলত ভাজে; ক’ৰবাত ঘিউত ভাজে; ঠাই ভেদে চেনি পানী বা মৌ জোলত ডুবাই জেলেপি প্ৰস্তুত কৰা হয় জেলেপি।