ডিজিটেল ডেস্ক :
মানুহৰ শৰীৰটো বহুতো পুষ্টিকৰ উপাদানৰে গঠিত। ইয়াৰে যিকোনো এবিধ পুষ্টিকৰ উপাদানৰ অভাৱ হ’লেই শৰীৰত বহুতো গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ মহিলাসকলে প্ৰায়ে ৰক্তহীনতাৰ দৰে বিপজ্জনক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। কিন্তু এই ক্ষেত্ৰত খাদ্য তালিকাৰ কিছু পৰিৱৰ্তন কৰিও আইৰণৰ অভাৱ দূৰ কৰিব পাৰি। সেয়েহে এই সম্পৰ্কে কিছু কথা বহলকৈ জানো আহক।
* শৰীৰত আইৰণৰ অভাৱত ভোগা লোকসকলে নিয়মিতভাৱে কাজু বাদাম সেৱন কৰিব লাগে। কাজুৰ পৰা কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হোৱাৰ কোনো আশংকা নাই আৰু আইৰণৰ অভাৱো দূৰ হয়।
* খাদ্য তালিকা মটৰ অন্তৰ্ভুক্ত কৰিও আইৰণৰ অভাৱ নিৰাময় কৰিব পাৰি। ১.৫ মিলিগ্ৰাম আইৰণ ১০০ গ্ৰাম মটৰত পোৱা যায়। সেয়েহে দৈনিক মটৰ খালেও শৰীৰে প্ৰয়োজনীয় পৰিমাণৰ আইৰণ লাভ কৰিব পাৰে।
* খাদ্য তালিকাত তিল অন্তৰ্ভুক্ত কৰিও ৰক্তহীনতা দূৰ কৰিব পাৰি। বগা তিলৰ তুলনাত ক’লা তিলত অধিক পৰিমাণে আইৰণ পোৱা যায়।
* শুকান ফলত আইৰণ প্ৰচুৰ পৰিমাণে পোৱা যায়। যদি আপুনি আইৰণৰ অভাৱ দূৰ কৰিব বিচাৰে তেন্তে দৈনিক কিচমিচ খাবলৈ আৰম্ভ কৰক। দৈনিক কিচমিচ খালেও ৰক্তহীনতা দূৰ হয় হয়।
Leave A Comment