স্বাস্থ্য
ডিজিটেল ডেস্ক : কেৱল ভাৰত-বাংলাদেশতে
নহয়, শেহতীয়াকৈ বিশ্বৰ বহু দেশত কঁঠালৰ মুচিৰ ব্যঞ্জন অতি জনপ্ৰিয় হৈ পৰিছে। কঁঠাল
পকিলে ইয়াৰ মিঠা সোৱাদৰ বাবে আৰু কেঁচা হ’লে তৰকাৰীৰ বাবে বহুতে এই ফল খাই ভালপায়। কিন্তু
ই শৰীৰত কেনে প্ৰভাৱ পেলায়?
কঁঠালে ডায়েবেটিছৰ সমস্যা হ্ৰাস
কৰাত যথেষ্ট সহায় কৰে। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আৰু থাকে। তদুপৰি ইয়াৰ নিজস্ব এক
সোৱাদো আছে। ফলত মিঠাই খোৱাৰ প্ৰৱণতাও কমি যায়। ই ডায়েবেটিছ ৰোগৰ সম্ভাৱনা হ্ৰাস
কৰে।
কলেষ্টেৰলৰ নিয়ন্ত্ৰণতো কঁঠালৰ
আছে বিশেষ উপকাৰী গুণ। কাৰণ আঁহ আৰু আন কেইবাটাও উপাদান কলেষ্টেৰল নিয়ন্ত্ৰণত ৰখাৰ
বাবে অতি উত্তম। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থকা লোকসকলৰ বাবেও কঁঠাল অতি উপকাৰী। পেটৰ
বাবেও ই অতি উপকাৰী। আনকি বহুতে ভাবে যে ই কলন কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰে। কঁঠালে
পেট পৰিষ্কাৰ কৰি বহু সমস্যা হ্ৰাস কৰে।
ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-এ
আৰু চি থাকে। গতিকে ই ইমিউনিটী বঢ়োৱাতো সহায় কৰে। বিশেষকৈ ঋতু সলনিৰ সময়ত কঁঠালৰ
খালে শৰীৰৰ উপকাৰ হয়। কঁঠালত পটাছিয়াম, ফাইবাৰ আৰু এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে
থাকে। এই সকলোবোৰ হৃদৰোগৰ বাবে উপকাৰী।
Leave A Comment