• প্ৰয়োজনতকৈ বেছি ঘাম বাহিৰ হয় নেকি? এই চাৰিটা উপায় অৱলম্বন কৰি হৈ থাকক ফ্ৰেছ

    জীৱন শৈলী
    প্ৰয়োজনতকৈ বেছি ঘাম বাহিৰ হয় নেকি? এই চাৰিটা উপায় অৱলম্বন কৰি হৈ থাকক ফ্ৰেছ
    ডিজিটেল ডেস্কঃ লাহে লাহে জহকাল আৰম্ভ হোৱাৰ সময় হৈছে। ভাৰতৰ বিভিন্ন স্থানত ইতিমধ্যে গৰম পৰিলেই। প্ৰচণ্ড গৰমৰ বিধ্বংসী ৰূপ সমগ্ৰ উত্তৰ ভাৰতত দেখা পোৱা গৈছে। বহু চহৰত ৪৯ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰাৰ বাবে সাধাৰণ জনতাৰ অৱস্থা দুৰ্বিষহ হৈ পৰিছে। 

    গৰম বতাহ, উগ্ৰ ৰ’দ আৰু আৰ্দ্ৰতাৰ বাবে শৰীৰৰ পৰা ঘাম ওলোৱাটো অতি স্বাভাৱিক, কিন্তু কিছুমান মানুহৰ অত্যধিক ঘাম(Sweat) ওলাবলৈ ধৰে, যাৰ ফলত শৰীৰৰ দুৰ্গন্ধ বাহিৰ হয় আৰু চৌপাশৰ মানুহবোৰ অস্বস্তিত পৰে। ইয়াত আমি আপোনাক এনে কিছুমান টিপছ দিম যাৰ দ্বাৰা আপুনি এই সমস্যাৰ পৰা মুক্তি পাব পাৰে।

    ১/আৰামদায়ক কাপোৰ পিন্ধিব লাগে-ফেশ্বন যুগত ট্ৰেণ্ডি দেখাবৰ বাবে গৰমৰ দিনতো বহু মানুহে টাইট আৰু গাঢ় ৰঙৰ কাপোৰ পিন্ধে, যাৰ ফলত শৰীৰৰ বহু অংশত বায়ু নাপায় আৰু অত্যধিক ঘামচি ওলোৱা আৰম্ভ হয়। লগতে দুৰ্গন্ধযুক্ত ঘাম বাহিৰ হয়। এনে অৱস্থাত ঢিলা আৰু আৰামদায়ক কাপোৰ পিন্ধাটো জৰুৰী।

    ২/চৰ্বিযুক্ত বস্তু নাখাব-গ্ৰীষ্মকালত খাদ্য-পানীয়ৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে, এনে বস্তু যিবোৰ অধিক তেল থকা বা চৰ্বিযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। চৰ্বিযুক্ত বস্তু খালে অত্যধিক ঘাম ওলায়, যাৰ ফলত গোন্ধ ওলাবলৈ ধৰে।

    ৩/টেনচন ফ্ৰী হওক-প্ৰচণ্ড গৰমৰ বাবে টেনচন হোৱাটো সাধাৰণ কথা, কিন্তু আপুনি জানি আচৰিত হ’ব যে ষ্ট্ৰেছৰ ফলত অত্যধিক ঘাম ওলাব পাৰে। গতিকে মনটোক যিমান পাৰি শিথিল কৰিবলৈ চেষ্টা কৰক আৰু মন শীতল কৰি ৰাখক।

    ৪/ৰাতি এই কামটো কৰক-গৰমৰ দিনত গা ধুই শোৱাটো ভাল।শোৱাৰ আগতে কাষলতিত ডিঅ’ড্ৰেণ্ট লগাব লাগে যাতে ঘাম কমি যায়। কেইদিনমান এনে কৰিলে ভাল ফল দেখিবলৈ আৰম্ভ কৰিব।