• ধাতুৰে প্ৰস্তুত কৰা সজোৱা সামগ্ৰী কোঠাৰ কোন দিশত ৰাখিলে অশান্তি হ'ব পাৰে?

    জীৱন শৈলী
    ধাতুৰে প্ৰস্তুত কৰা সজোৱা সামগ্ৰী কোঠাৰ কোন দিশত ৰাখিলে অশান্তি হ'ব পাৰে?
    ডিজিটেল ডেস্কঃ আমি বহুতেই ধাতুৰে প্ৰস্তুত  কৰা সজোৱা সামগ্ৰী সজাই ৰাখি ভালপাওঁ। ধাতুৰে  মূৰ্তি, ফুল, জীৱ-জন্তুৰ প্রতিকৃতি আদি সদা হয়। সেইবোৰ দেখিবলৈ ধুনীয়া আৰু সেইবোৰ দেখিলে মানুহৰ মনো প্ৰসন্ন হৈ পৰে। কিন্তু এনে ধাতুৰে প্ৰস্তুত কৰা মূৰ্তি আদি কোঠাৰ সঠিক স্থানত সজাই নথলে অশান্তিৰো সৃষ্টি হ'ব পাৰে।

    ধাতুৰে নির্মাণ কৰা মূর্তি আদি বিশেষ দিশত সজাই নাৰাখিলে ঘৰত অশান্তিৰ সৃষ্টি হোৱাৰ লগতে ৰোগ-ব্যাধি আদিৰো আধিক্য ঘটিব পাৰে। ফেংছুইৰ মতে এনেধৰণৰ ধাতুৰে সজা মূর্তিসমূহ ঘৰৰ পশ্চিম দিশত সজাব লাগে। 


    কাৰণ পশ্চিম দিশৰ উপাদান হৈছে ধাতু। সেইবাবে সেই দিশত  ধাতুৰ মূৰ্তি আদি ৰাখিলে গৃহস্থৰ মংগল হয়। ধাতুৰে প্ৰস্তুত কৰা মূৰ্তি আদি ঘৰৰ যত ত'তে সিঁচৰতি কৰি ৰাখিব নালাগে। 


    এনেদৰে যত ত'তে সিঁচৰতি কৰি ৰাখিলে বা পশ্চিমৰ সলনি আন দিশত ৰাখিলে ঘৰত অশান্তি হ'ব পাৰে। সেইবাবে ধাতুৰে প্ৰস্তুত কৰা মূর্তি-যন্ত্রপাতি আদি সদায় ঘৰৰ পশ্চিম দিশত ৰখাৰ বিধান দিছে ফেংছুয়ে।