• ফেংছুইৰ মতে ধন-সম্পদ বৃদ্ধিত যাদুকৰী কাম কৰে মানি প্লেণ্টে, কিন্তু কেতিয়াও নাৰাখিব এই কেইটা কোঠাত...

    জীৱন শৈলী
    ফেংছুইৰ মতে ধন-সম্পদ বৃদ্ধিত যাদুকৰী কাম কৰে মানি প্লেণ্টে, কিন্তু কেতিয়াও নাৰাখিব এই কেইটা কোঠাত...
    ডিজিটেল ডেস্কঃ ফেংছুইৰ উপাদান সমূহৰ ভিতৰত এন্যতম হৈছে মানি প্লেণ্ট। অৱশ্যে মানি প্লেণ্ট ঘৰৰ সকলো ঠাইতে ৰখা উচিৎ নহয়। বিশেষকৈ শোৱনি কোঠাত অৰ্থাৎ যিটো কোঠাত ঘৰৰ মানুহে শয়ন কৰে , সেই কোঠাত কেতিয়াও মানি প্লেণ্ট ৰাখিব নালাগে। 

    অন্যথা শুভ ফলৰ পৰিৱৰ্তে বেয়া ফলহে হ’ব পাৰে। মানি প্লেণ্টে ধন-সম্পদ বৃদ্ধিত যাদুকৰী কাম কৰে বুলি ফেংছুই বিশাৰদসকলে কৈ আহিছে৷ কিন্তু ঘৰৰ সঠিক স্থানত মানি প্লেণ্ট ৰাখিলেহে সুফল পোৱা যায়৷ কেৱল  মানি প্লেণ্ট স্থাপনেই নহয়, ফেংছুই শাস্ত্ৰত সমৃদ্ধি বৃদ্ধিৰ বাবে আন কেইমান  বিধি-বিধানো মানি চলিলে সুফল পাব৷

    ঘৰত ধন-সম্পত্তি বৃদ্ধি কৰিবলৈ ফেংছুইয়ে দিয়া বিধান অনুসৰি আলহী বহা কোঠাত এটা টাবত মানি প্লেণ্ট ৰোপণ কৰক। এই মানি প্লেন্ট ফেংছুইৰ বিভিন্ন সামগ্রী পোৱা বিপণীসমূহত বিচাৰিলেই আপুনি পাব। এই মানি প্লেন্ট ৰোপণ কৰা টাবটো আলহী বহা ঘৰৰ দক্ষিণ-পূব দিশত ৰাখিব লাগে। ফেংচুইৰ মতে দক্ষিণ-পূব দিশটো হৈছে ধন-সম্পত্তি লাভৰ দিশ । 

    সেইবাবে এই দিশত মানি   প্লেন্ট ৰোপন কৰা ঢালটো ৰাখিলে লাভ কৰিব। এনেধৰণৰ পূব বা দক্ষিণ দিশতো ৰাখিলে একে ফলেই লাভ কৰিব পাৰি। আলহী বহা ঘৰৰ উপৰি কাৰ্যালয়গুহটো এনে গছ ৰাখিব পাৰি। কিন্তু এটা কথা মনত ৰাখিব যে এনেধৰণৰ গছ কেতিয়াও স্নানাগাৰ অথবা শুৱনি কোঠাত নাৰাখিব। মানি প্লেন্টৰ পাতবোৰ হৃদয় আকৃতিৰ সেউজীয়া বৰণৰ হয়।কৃত্ৰিম মানি প্লেণ্টৰ ঠাইত সজীৱ মানি প্লেণ্ট ৰাখিব পাৰিলেহে সুফল বেছি পাব।