ডিজিটেল ডেস্কঃ এজন ব্যক্তিৰ ব্যক্তিত্বই তেওঁৰ বিষয়ে বহু কথাই কয়। মানুহে ভাল ব্যক্তিত্বৰ মানুহক ভাল পায়। মানুহৰ চলন-ফুৰণ, পিন্ধন-উৰণ, বহাৰ ভংগীমা আৰু কথা-বতৰাৰ পৰা মানুহৰ ব্যক্তিত্বৰ বিষয়ে বহু কথাই উন্মোচিত হয়। কিন্তু আপুনি জানেনে যে আপুনি আপোনাৰ মুঠিটোৰ পৰাও জানিব পাৰিব আপোনাৰ ব্যক্তিত্ব তথা স্বভাৱৰ বিষয়ে।
মুঠিৰ দ্বাৰা কেনেকৈ কেনেকৈ ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি জানো আহক।
১) বুঢ়া আঙুলিটো মুঠিৰ ওপৰত থকাঃ কিছুমান মানুহে যেতিয়া মুঠি বন্ধ কৰে তেতিয়া তেওঁলোকৰ বুঢ়া আঙুলিটো মুঠিৰ ওপৰত থাকে। অৰ্থাৎ এনে মানুহে জন্মতেই নেতৃত্বৰ গুণ লৈ আহে। এনে মানুহ নেতা হব পাৰে। ইয়াৰ বাহিৰেও এনে লোক পঢ়া-শুনাতো চোকা হয়। এনে লোক দয়ালু আৰু উদাৰ হয়। যিকোনো পৰিস্থিতিত এই লোকসকলে নিজকে প্ৰতিষ্ঠা কৰে।
২) বুঢ়া আঙুলিটো সকলো আঙুলিৰ ওপৰত থকাঃ যিসকল মানুহে মুঠি মাৰিলে তেওঁলোকৰ বুঢ়া আঙুলিটো সকলো আঙুলিৰ ওপৰত থাকে তেনে মানুহ সৃষ্টিশীল স্বভাৱৰ। এনে লোক অতি আত্মবিশ্বাসী। আন মানুহক অতি ক্ষীপ্ৰতাৰে আকৰ্ষণ কৰাৰ গুণো এইসকল লোকৰ আছে। এইসকল লোকে সকলোতে পায় প্ৰশংসা। তেওঁলোকে নিজৰ সামৰ্থ্য অনুযায়ী কাম কৰে। প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে নিজৰ কৰ্মৰ ভিত্তিত নিজস্ব পৰিচয় গঢ়ি তোলে।
৩)বুঢ়া আঙুলিটো আন আঙুলিৰ মাজত সোমাই থকাঃ কিছুমানে মুঠি বনাওঁতে বুঢ়া আঙুলিটো আন আঙুলিৰ মাজত সোমাই থাকে। এনে লোক অন্তৰ্মুখী ব্যক্তিত্বৰ। তদুপৰি এনে লোকৰ আত্মবিশ্বাসো কম থাকে। কিন্তু এই মানুহবোৰ সৃষ্টিশীলো হয়। তেওঁলোকৰ ধাৰণাবোৰ স্পষ্ট নহয়। এইসকল লোকে কম কথা কয় আৰু আনৰ কথাও শুনি থাকে। এইসকল লোক হৈ পৰে কবি, সাহিত্যিক, গায়ক। কিছুমান লোকে মহান শিল্পীও হৈ পৰে।
Leave A Comment