ডিজিটেল ডেস্ক :
ইউৰিক এচিড বৰ্তমান সময়ত এক সাধাৰণ সমস্যা হৈ পৰিছে, সাধাৰণতে মধ্যবয়সীয়া লোকৰ পৰা বৃদ্ধলৈকে ইয়াৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়। বিশেষকৈ শীতকালত এই সমস্যা বাঢ়ি যায়। কিন্তু আমি আমাৰ দৈনন্দিন খাদ্যাভ্যাস কিছু পৰিৱৰ্তন কৰি এনেবোৰ সমস্যা হ্ৰাস কৰিব পাৰো। কি কি ফলে ইউৰিক এচিড হ্ৰাস কৰিব পাৰে এই বিষয়ে কিছু কথা জানো আহক।
১. কমলা : কমলা ভিটামিন-চিৰ প্ৰধান উৎস হিচাপে জনা যায় যদিও ইয়াত ভিটামিন-ই, ফলেট আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে। যিয়ে শৰীৰত থকা বিষাক্ত পদাৰ্থ হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ ফলত ইউৰিক এচিড বৃদ্ধি হোৱাৰ সম্ভাৱনাও কমি যায়।
২. আপেল : শৰীৰত ইউৰিক এচিড বৃদ্ধি পালে যথেষ্ট পৰিমাণে আপেল খাব পাৰে। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যাৰ সহায়ত তেজত থকা ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে।
৩. কিৱি : কিৱি এবিধ অতি পুষ্টিকৰ ফল, যিটো ইউৰিক এচিড ৰোগীৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ভিটামিন-চিৰ পৰিমাণ বেছি হোৱাৰ বাবে ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু তেজৰ প্লেটলেট সৃষ্টি কৰাত সহায় কৰে। ইয়াত ভিটামিন-চি, ভিটামিন-ই আৰু ফ’লেট পোৱা যায়।
৪.কল : কল অতি সাধাৰণ খাদ্য, ইউৰিক এচিড বৃদ্ধিৰ সমস্যা থকাসকলৰ বাবে এই ফল উপকাৰী বুলি প্ৰমাণিত হয়। দৰাচলতে এই ফলত পিউৰিন কম পোৱা যায় বাবে ইউৰিক এচিডৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে।
Leave A Comment