ডিজিটেল ডেস্কঃ গুণৰ অধিকাৰী হ’ল গণেশ। গণেশ চতুৰ্থী অৰ্থাৎ ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থ দিনত গণেশ চতুৰ্থী হিচাপে পালন কৰা হয় বা গণেশক পূজা কৰা হয়। কিছুমানৰ মতে , সেইদিনাখন গণেশৰ জন্ম হৈছিল। পৌৰানিক আখ্যান মতে , ব্যাসদেৱে মহাভাৰত লিখাৰ সময়ত গণেশৰ সহায় লৈছিল । গণেশ চতুৰ্থী অথাৎ চতুৰ্থ দিনৰ পৰা আৰম্ভ কৰি চতুৰ্থ দশ অৰ্থাৎ ১০ দিন ধৰি মহাভাৰত লিখা হৈছিল আৰু সেইবাবে চতুৰ্থীৰ পৰা ১০ দিনলৈ এই দিন কেইটা গণেশ পূজাৰ নামত বিশেষভাৱে উছৰ্গিত। ইয়াৰ উপৰিও যি কোনো পূজা কৰাৰ আগতে গণেশক নিমন্ত্ৰন কৰি পূজা আৰম্ভ কৰা হয়। সেয়েহে হিন্দু কেলেণ্ডাৰ অনুসৰি বছৰৰ প্ৰথম পূজাটোৱে হ’ল গণেশ পূজা।
সমগ্ৰ দেশতে গণেশোৎসৱৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। গণেশৰ প্ৰতীমা প্ৰতিষ্ঠাৰ বাবে গণেশ চতুৰ্থীৰ আগত প্ৰতিটো ঘৰতে চাফ-চিকুণতাৰে সজাই তোলা হয়। এইবাৰ গণেশ চতুৰ্থী ৭ ছেপ্টেম্বৰত। এই পবিত্ৰ দিনটোতে ভগৱান গণেশৰ প্ৰতীমা প্ৰতিষ্ঠা কৰা হয়।
কিদৰে গণেশ চতুৰ্থীৰ দিনা গণেশক সন্তুষ্ট কৰিব জানো আহক-
চতুৰ্থীৰ দিনা ভগৱান গণেশক প্রিয় ভোগ বুন্দিয়াৰ লাড়ু আগবঢ়াব পাৰে ৷ লগতে গণেশ দেৱতাৰ আন এবিধ প্ৰিয় সামগ্ৰী হ'ল দুৱৰি বন ৷ ২১ টুকুৰা গুড়, ২১ গাঁঠি দুৱৰি গণেশ দেৱতাক দান কৰিব ৷ প্ৰসাদ হিচাপে গুড় আৰু গৰুৰ ঘি গণেশ দেৱতাক অৰ্পণ কৰিব ৷ পূজাৰ পিচত ঘি সহ গুড়ৰ টুকুৰাসমূহ গাই-গৰুক খুৱাব ৷
গণেশৰ এই দহটা মন্ত্ৰ জাপ কৰিলে আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হ’ব -
ওঁম গণধিপায় নমঃ
ওঁম ঊমা পুত্ৰায় নমঃ
ওঁম বিঘ্ননাশয় নমঃ
ওঁম বিনায়কায় নমঃ
ওঁম ইশপুত্রায় নমঃ
ওঁম সর্বসিদ্ধ প্রদায় নমঃ
ওঁম একদন্তায় নমঃ
ওঁম ইভবক্তায় নমঃ
ওঁম মুষক বাহনায় নমঃ
ওঁম কুমাৰ গুৰুয়ে নমঃ
গণেশ চতুৰ্থীৰ শুভ লগ্ন -
শুক্লপক্ষৰ চতুৰ্থী তিথিত গণেশ চতুৰ্থী পৰে। এইবাৰ ৭ ছেপ্টেম্বৰ শনিবাৰৰ পৰা আৰম্ভ হ’ব এই উৎসৱ। আনহাতে, ১৭ ছেপ্টেম্বৰ মঙলবাৰে অনুষ্ঠিত হ’ব গণেশ বিসৰ্জন। গণেশ চতুৰ্থী পূজাৰ সময় পুৱা ১১:০৩ বজাৰ পৰা দুপৰিয়া ১:৩৪ বজালৈ পালন কৰা হ’ব।
Leave A Comment