ডিজিটেল ডেস্কঃ ফেংছুইৰ মতে চ্চি শক্তি হৈছে শুভ শক্তি। ঘৰখন এখন সুন্দৰ অৰণ্যৰ মাজত থকা যেন কৰি তুলিব পাৰিলে তেনে ঘৰত চ্চি শক্তিৰ বৃদ্ধি হয়। বাগিচাত শিলেৰে কেতবোৰ মূৰ্তি আদি নিৰ্মাণ কৰি সেয়া স্থাপন কৰিব পাৰি। তদুপৰি কাঠ বা বাঁহ আদিৰেও বাগিচাখন সজাই তুলিব পাৰি।বহুতে ফ্লেটত থকাৰ বাবে বাগিচা নিৰ্মাণ কৰি ল'ব নোৱাৰে। বাগিচা নিৰ্মাণৰ বাবে ঠাই থকাসকলে ফেংছুইৰ নিয়ম অনুসৰি বাগিচা নিৰ্মাণ কৰাটো উচিত। ফেংছুইৰ নিয়ম অনুসৰি ঘৰৰ সন্মুখত সজোৱা বাগিচাত একোটা সৰু পুখুৰী অথবা কৃত্রিম পুখুৰী থাকিব লাগে।
এনে পুখুৰীয়ে চ্চি শক্তিৰ সঞ্চাৰ ঘটোৱাত সহায় কৰে। এনে পুখুৰীৰ পানী সদায় পৰিষ্কাৰ হ'ব লাগে। বাগিচাত থকা পানী ফেংছুইৰ মতে দুই ধৰণৰ হ'ব পাৰে। এক ধৰণৰ পানী হৈছে গতিশীল পানী অর্থাৎ য়াং পানী আৰু আন ধৰণৰ পানী হৈছে স্থিৰ পানী অর্থাৎ য়িন পানী। প্রথমবিধ পানী বিভিন্ন ফোৱাৰা আদিৰ জৰিয়তে কৰিব পাৰি। দ্বিতীয়বিধ পানী পুখুৰীত সৃষ্টি কৰিব পাৰি। স্থিৰ পানীত পদুমফুল জাতীয় জলজ ফুল ফুলাই বাগিচাত চ্চি শক্তিৰ সঞ্চাৰ ঘটাব পাৰি। ফেংছুইৰ নিয়ম অনুসৰি ঘৰৰ চৌদিশে পাতবাহাৰ জাতীয় গছ ৰোপণ কৰিলে চ্চি শক্তি যথেষ্ট বৃদ্ধি পায়।
ঘৰখন এখন সুন্দৰ অৰণ্যৰ মাজত থকা যেন কৰি তুলিব পাৰিলে তেনে ঘৰত চ্চি শক্তিৰ বৃদ্ধি হয়। বাগিচাত শিলেৰে কেতবোৰ মূৰ্তি আদি নিৰ্মাণ কৰি সেয়া স্থাপন কৰিব পাৰি। তদুপৰি কাঠ বা বাঁহ আদিৰেও বাগিচাখন সজাই তুলিব পাৰি।
বাগিচাত থকা সৰু পুখুৰীটোত কাছ পুহিলে যথেষ্ট সুফল লাভ কৰিব পাৰি। ফেংছুইৰ মতে কাছ হৈছে সৌভাগ্যৰ প্ৰতীক। সেইবাবে বাগিচাৰ পুখুৰীত কাছ পুহি ৰাখিব পাৰিলে ঘৰখনত শুভ শক্তিৰ সঞ্চাৰ ঘটাত সহায় হয়।
বহুতে ফ্লেটত থকাৰ বাবে বাগিচা নিৰ্মাণ কৰি ল'ব নোৱাৰে। বাগিচা নিৰ্মাণৰ বাবে ঠাই থকাসকলে ফেংছুইৰ নিয়ম অনুসৰি বাগিচা নিৰ্মাণ কৰাটো উচিত। ফেংছুইৰ নিয়ম অনুসৰি ঘৰৰ সন্মুখত সজোৱা বাগিচাত একোটা সৰু পুখুৰী অথবা কৃত্রিম পুখুৰী থাকিব লাগে।
এনে পুখুৰীয়ে চ্চি শক্তিৰ সঞ্চাৰ ঘটোৱাত সহায় কৰে। এনে পুখুৰীৰ পানী সদায় পৰিষ্কাৰ হ'ব লাগে। বাগিচাত থকা পানী ফেংছুইৰ মতে দুই ধৰণৰ হ'ব পাৰে। এক ধৰণৰ পানী হৈছে গতিশীল পানী অর্থাৎ য়াং পানী আৰু আন ধৰণৰ পানী হৈছে স্থিৰ পানী অর্থাৎ য়িন পানী। প্রথমবিধ পানী বিভিন্ন ফোৱাৰা আদিৰ জৰিয়তে কৰিব পাৰি। দ্বিতীয়বিধ পানী পুখুৰীত সৃষ্টি কৰিব পাৰি। স্থিৰ পানীত পদুমফুল জাতীয় জলজ ফুল ফুলাই বাগিচাত চ্চি শক্তিৰ সঞ্চাৰ ঘটাব পাৰি। ফেংছুইৰ নিয়ম অনুসৰি ঘৰৰ চৌদিশে পাতবাহাৰ জাতীয় গছ ৰোপণ কৰিলে চ্চি শক্তি যথেষ্ট বৃদ্ধি পায়।
বাগিচাত থকা সৰু পুখুৰীটোত কাছ পুহিলে যথেষ্ট সুফল লাভ কৰিব পাৰি। ফেংছুইৰ মতে কাছ হৈছে সৌভাগ্যৰ প্ৰতীক। সেইবাবে বাগিচাৰ পুখুৰীত কাছ পুহি ৰাখিব পাৰিলে ঘৰখনত শুভ শক্তিৰ সঞ্চাৰ ঘটাত সহায় হয়।
Leave A Comment