• গ্ৰাফোল’জিঃ হাতৰ আখৰতে মানুহৰ পৰিচয়,আপুনি ইংৰাজী এ, ডি, জি আখৰ সমূহ এনেদৰে লিখে নেকি?এনে আখৰৰ লোকসকল কেনে প্ৰকৃতিৰ হয়?

    জীৱন শৈলী
    গ্ৰাফোল’জিঃ হাতৰ আখৰতে মানুহৰ পৰিচয়,আপুনি ইংৰাজী এ, ডি, জি আখৰ সমূহ এনেদৰে লিখে নেকি?এনে আখৰৰ লোকসকল কেনে প্ৰকৃতিৰ হয়?
    ডিজিটেল ডেস্কঃ হাতৰ আখৰৰ সৈতে মানুহ এগৰাকীৰ ব্যক্তিত্বৰ এৰাব নোৱাৰা সম্পৰ্ক আছে৷ মগজুৰ নিৰ্দেশত আমাৰ হাত খনে আখৰ লিখি যায়৷ সেয়ে হাতৰ আখৰত মনৰ অৱস্থাটো সঠিক ভাবে ধৰা পৰে৷ সুখৰ মুহূৰ্তত লিখা আখৰ আৰু দুখ, ভয় আদিৰ পৰিবেশৰ মাজত লিখা আখৰৰ বহ খিনি পৰিৱৰ্তন হোৱা দেখা যায়৷ 

    গ্ৰাফোল’জিয়ে হাতৰ আখৰৰ তেনেবোৰ কথাই বিশ্লেষণ কৰে৷বিশ্বৰ বহু দেশে সেয়ে ব্যক্তিৰ চৰিত্ৰ জানিবলৈ হাতৰ আখৰ বিশ্লেষণৰ সহায় লয়৷ আনকি অপৰাধী চিনাক্তকৰণৰ ক্ষেত্ৰতো হাতৰ আখৰে বহু পৰিমাণে সহায় কৰি আহিছে৷

    মগজুৰ চিন্তা তৰংগ যিহেতু হাতৰ আখৰত পৰিস্ফুট হয় সেয়ে আখৰৰ গোট চায়েই ক’ব পাৰি লোক এজন কেনে হ’ব পাৰে৷ এই লেখাৰ সৈতে ইংৰাজী  এ, জি , ডি আদি কেইটামান আখৰৰ নমুনা দেখুওৱা হৈছে৷ 



    দৰাচলতে ইয়াত উল্লেখ কৰা আখৰ কেইটাক গ্ৰাফোল’জিত অভেল (ডিম্বাকৃতিৰ)আকৃতিৰ আখৰ বুলি কোৱা হয়৷এনে অভেল আকৃতিৰ আখৰ লিখা লোকসকল উদাৰ আৰু সমাজ সচেতন হয়৷ 

    তেওঁলোকৰ বন্ধুৰ সংখ্যা বহু বেছি হয়৷বহু সময়ত নিজৰ ক্ষতি কৰি হ’লেও এনে আখৰ লিখা লোকে আনৰ উপকাৰ সাধিবলৈ যায়৷ এনে আখৰ লিখা লোকসকল উদাৰ আৰু পৰোপকাৰী হোৱাৰ বাবে বহু সময়ত আনৰ দ্বাৰা প্ৰতাৰিও হ’বলগীয়া হয়৷ তথাপি এনে বাধা সমূহে এনে ধৰণৰ অভেল আকৃতিৰ আখৰ লিখা লোকসকলক হতাশ কৰিব নোৱাৰে৷

     কবিতা, গল্পকে ধৰি আন সৃষ্টিমূলক কামত এনে আখৰ লিখা লোকসকল বেছিকৈ জৰিত হৈ পৰা দেখা যায়৷ অৱশ্যে এনে আখৰ লিখা লোকে বহু সময়ত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তও হুৰমূৰকৈ লোৱাৰ ফলত ক্ষতিৰ সন্মুখীন হ’ব পাৰে৷ সৰল মনৰ হয় বাবেই এনে আখৰ লিখা লোকসকল সকলোৰে প্ৰিয় হৈ উঠে৷