ডিজিটেল ডেস্কঃ শ্ৰী ৰাম চন্দ্ৰৰ ভক্ত হনুমানৰ গুণ বৰ্ণনা কৰি ৰচিত স্তৱক বা কবিতাক হনুমান চালিছা বুলি কোৱা হয়। হনুমান চালিছাত ৪০ টা শ্লোক আছে, যাৰ বাবে ইয়াক চালিছা বোলা হয়।আনহাতে, ইয়াত হনুমানৰ ১০৮ টা মান উল্লেখ আছে। হনুমান চালিছা ১৬ শতাব্দীৰ কবি তথা দাৰ্শনিক তুলসী দাসে ৰচনা কৰিছিল। জনবিশ্বাস মতে, তুলসী দাসে ৰুগীয়া অৱস্থাত হনুমান চালিছা ৰচনা কৰিছিল আৰু এই চালিছা ৰচনাৰ পাছতে তেওঁ অবিশ্বাস্যভাৱে আৰোগ্য লাভ কৰিছিল।
যিহেতু ৰামভক্ত হনুমানক সংকটমোচন বুলি কোৱা হয়। হনুমানে নিজৰ ভক্তসকলক সকলো বিপদৰ পৰা ৰক্ষা কৰে আৰু লগতে তেওঁলোকৰ সমস্যা সমাধান কৰে। হনুমান চলিছাৰ বিষয়ে কি বিশ্বাস আছে জানিব পাৰিব। ধৰ্মীয় গ্ৰন্থত উল্লেখ আছে যে যিজন ব্যক্তিয়ে নিয়মিতভাৱে হনুমান চলিছা পাঠ কৰে তেওঁৰ জীৱনত কোনো সমস্যা নহয়। কোনো সমস্যা হ’লেও সমস্যা সমাধানৰ পথো মুকলি হৈ থাকে। কিন্তু সকলো কাম আন্তৰিকতাৰে কৰা উচিত।
হনুমান চালিছা পাঠৰ উপকাৰিতা জানেনে?
ৰোগ দূৰ কৰেঃ হনুমান চলিছাত কোৱা হৈছে যে হনুমানজীয়ে ভক্তৰ সকলো বেমাৰ দূৰ কৰে। হনুমান চলিছা পাঠ কৰিলে সকলো ধৰণৰ ৰোগ আৰু দুখ দূৰ হয়। হনুমান জীৰ নাম গ্ৰহণ কৰিলে দুখ দূৰ হয়।
ভূতৰ পৰা মুক্তি পাব পাৰিঃ মহাবীৰৰ নাম শুনিলে অপশক্তি ওচৰলৈ নাহে। এই কথা হনুমান চলিছাত কোৱা হৈছে। হনুমান জীৰ নাম লোৱাৰ সময়ত কোনো ঋণাত্মক শক্তি ওচৰলৈ নাহে।
নেতিবাচকতা নাইকিয়া কৰেঃ নিয়মিতভাৱে হনুমান চলিছা পাঠ কৰাসকলে তেওঁলোকৰ জীৱনৰ পৰা নেতিবাচকতা বাহিৰ কৰি দিয়ে আৰু ইতিবাচক শক্তি তেওঁলোকৰ জীৱনত প্ৰৱেশ কৰে। ফলত বিফলতাৰ ভয়ে তেওঁলোকক গ্ৰাস নকৰে।
আপুনি হনুমান চালিছা কেতিয়া পঢ়িব ?
হনুমান চালিছা যি কোনো সময়তে পাঠ কৰিব পাৰি।কিন্তু কেতিয়াবা যদি কোনো ব্যক্তিয়ে বেছিকৈ ভয় খায় অথবা বিপদত পৰা উদ্ধাৰ হোৱাৰ পথ বিচাৰি হাহাকাৰ কৰে, সেই সময়ত হনুমান চালিছা পঢ়িলে সকলো ভয়-শংকা দূৰ হয়।আনহাতে, বহুতৰ বিশ্বাস মতে, হনুমান চালিছাই বেয়া শক্তি দূৰ কৰে।
Leave A Comment