ডিজিটেল ডেস্ক :
প্ৰায়সংখ্যক লোকেই কমলা খাই ভালপায়। পিছে বহু কমসংখ্যক লোকেহে জানে যে কমলাতকৈ উপকাৰী কমলাৰ বাকলি। কমলাৰ বাকলিৰ উপকাৰিতাই আপোনাকো আচৰিত কৰি তুলিব। ভিটামিন ‘চি’ৰে পৰিপূৰ্ণ এইবিধে ফল স্বাস্থ্যৰ বাবে অতি আৱশ্যক। ৰূপচৰ্চাৰ পৰা আৰম্ভ কৰি স্বাস্থ্যৰক্ষালৈকে কমলাৰ লগতে বাকলিৰ আছে বহু অৱদান।
যদি আপুনিও কমলাৰ বাকলি খোৱাৰ পাছত পেলাই দিয়ে, তেন্তে এই অভ্যাস সলনি কৰক।কাৰণ কমলাৰ লগতে বাকলিৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব। ভিটামিন-চিৰ দৰে পুষ্টিকৰ উপাদানৰে সমৃদ্ধ কমলা স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়।
কমলাৰ বাকলিৰ উপকাৰিতা-
(১) বহু লোকৰে মুখৰ পৰা দুৰ্গন্ধ ওলায়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ ছুইংগাম ব্যৱহাৰ কৰে। তাৰ পৰিৱৰ্তে কমলাৰ বাকলি চোবাই খাওক আৰু এই সমস্যাৰ পৰা অতি সহজেই হাত সাৰিব পাৰি।
(২) ৰেফ্রিজাৰেটৰ সতেজ কৰি ৰাখিবলৈও কমলাৰ বাকলি ব্যৱহাৰ কৰিব পাৰি।
(৩) শীতকালৰ মহৰ উপদ্রৱৰ পৰা ৰক্ষা পাবলৈ মহ খেদাৰৰ বাবে ব্যৱহাৰ কৰা ধোঁৱা, কইল আদি কমলাৰ বাকলিও ব্যৱহাৰ কৰিব পাৰে। কাৰণ কমলাৰ বাকলিৰ হাইট্ৰাছ গোন্ধই মহ দূৰত ৰখাত সহায় কৰে
(৪) মধুমেহ ৰোগত কমলাৰ বাকলি উপকাৰী। ইয়াত পেক্টিন থাকে যিয়ে তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
(৫) কমলাৰ বাকলি গুড়ি কৰি নাৰিকল তেলৰ লগত মিহলাই চুলিত ব্যৱহাৰ কৰিলে চুলিৰ সমস্যা বহুখথিনি দূৰ কৰিব পাৰি।
Leave A Comment