• ঋতু পৰিৱৰ্তনৰ ফলত বিভিন্ন ৰোগৰ পৰা নিজকে কেনেদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি জানো আহক...

    জীৱন শৈলী
    ঋতু পৰিৱৰ্তনৰ ফলত বিভিন্ন ৰোগৰ পৰা নিজকে কেনেদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি জানো আহক...
    ডিজিটেল ডেস্ক : ঋতু পৰিৱৰ্তনৰ লগে লগে বিভিন্ন ধৰণৰ বেমাৰত আক্ৰান্ত হোৱা দেখা যায় ।এই সময়ছোৱাত ঘৰৰ পৰা বাহিৰলৈ ওলাই গ’লেই ধূলিৰ সংস্পৰ্শলৈ আহি চৰ্দি, এলাৰ্জিকে আদিকে ধৰি বিভিন্ন ধৰণৰ ৰোগে আক্ৰমণ কৰে। এই ধৰণৰ ৰোগৰ পৰা হাত সাৰিবলৈ আমি নিজকে কেনেধৰণে সাজু কৰি ৰাখো বা কেনেদৰে এই সময়চোৱাত নিজকে নিৰোগী কৰি ৰাখিব পাৰো তাৰ বাবে এইসমূহ টিপছ মানি চলো আহক।
    এই শুকান বতৰত দিনটোৰ আৰম্ভণিতেই অৰ্থাৎ পুৱা যদি আপুনি তেজপাত, তুলসীপাত, জালুক মিহলাই একাপ চাহ খাব পাৰে ই আপোনাক দিনটোৰ বাবে সুস্থ কৰি ৰাখে।
    বাহিৰলৈ ওলাই গ’লে সাধাৰণতে আমি মাস্ক মাৰিবলৈ টান পাওঁ কিন্তু বাহিৰৰ ধূলি পৰা বাছি থাকিবলৈ মাস্ক মৰাটো খুবেই দৰকাৰ।
    গা ধুবলৈ পাৰিলে গৰম পানী ব্যৱহাৰ কৰিব লাগে।
    গা ধুৱাৰ পাছত নাক আৰু নাভিত সৰিয়হ নাইবা কলা জিৰাৰ তেল দিলে ঠাণ্ডা-চৰ্দি আদি সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰো।
    প্ৰতিদিনে মৌ খোৱাটো খুবেই দৰকাৰ। দোকানত পোৱা মৌৰ পৰিৱৰ্তে ঘৰুৱাভাৱে পোৱা মৌ সেৱন কৰিব পাৰিলে ই অতি বেছি উপকাৰী বুলিব পাৰি।
    চৰ্দিৰ পৰা হাত সাৰি থাকিবলৈ আদা বা জ্যেষ্ঠমধু ব্যৱহাৰ কৰিব পাৰে তেতিয়া ধূলি বা ভেঁকুৰজনিত ৰোগৰ পৰা হাত সাৰিব পাৰি।
    এইধৰণে ঘৰুৱা টিপছ অৱলম্বন কৰি আপুনিও হৈ থাকিব পাৰে ফিট এণ্ড ফাইন।